নাছাৰ সম্ভাব্য মহাকাশচাৰীৰ সন্ধান প্ৰতিযোগিতাত ভাৰতীয় শিক্ষাৰ্থীৰ জয়

0
344

সম্ভাব্য মহাকাশচাৰীৰ এটা নতুন প্ৰজন্মৰ সন্ধানত নাছাই আয়োজন কৰা ২০২২ চনৰ হিউমেন এক্সপ্লৰেশ্যন ৰ’ভাৰ চেলেঞ্জ প্ৰতিযোগিতাত ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ দুটা গোটে জয়লাভ কৰে৷ আমেৰিকাৰ মহাকাশ সংস্থা নেশ্যনেল এৰ’নটিকছ এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যনে এই ঘোষণা কৰে৷ 
উল্লিখিত প্ৰতিযোগিতাত ৫৮খন কলেজ আৰু ৩৩খন হাইস্কুলকে ধৰি মুঠ ৯১টা টীমে অংশগ্ৰহণ কৰিছিল৷ হাইস্কুল শাখাত পঞ্জাবৰ ডিচেণ্ট চিলড্ৰেন মডেল প্ৰেছিডেন্সি স্কুলে এছ টি ই এম এংগেইজমেণ্ট এৱাৰ্ড লাভ কৰে৷ 
তামিলনাডুৰ ভেলোৰ ইনষ্টিটিউট অব্‌ টেকন’লজিৰ দলটোৱে ছ’চিয়েল মিডিয়া এৱাৰ্ড লাভ কৰে কলেজ-বিশ্ববিদ্যালয় শাখাত৷ এই প্ৰতিযোগিতাত আমেৰিকা আৰু আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীসকলে ভাগ ল’ব পাৰে আৰু ছাত্ৰ-ছাত্ৰীৰ একোটা দল বা টীমে ৰ’ভাৰ এখনৰ আৰ্হি প্ৰস্তুত কৰি সৌৰজগতৰ শিলাময় ভূখণ্ডৰ নিচিনা কিন্তু কৃত্ৰিম ভৌগোলিক ক্ষেত্ৰত মানৱ-চালিত ৰ’ভাৰ পৰীক্ষা কৰি দেখুৱাব লাগে৷
প্ৰতিযোগিতা কেইবাটাও শাখাত অনুষ্ঠিত হয়, যেনে- ডিজাইন, ডকুমেণ্টেশ্যন, প্ৰেজেটেশ্যন, ইঞ্জিনীয়াৰিং ইত্যাদি৷ এই প্ৰতিযোগিতা আছিল ভাৰ্চুৱেল৷ নাছাই কয় যে এই প্ৰতিযোগিতাৰ উদ্দেশ্য হ’ল বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিতৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ আগ্ৰহ বঢ়োৱা আৰু উৎসাহ যোগোৱা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here