Home Daily news গুৱাহাটীত ১০ কোটি টকাৰ কানি জব্দ

গুৱাহাটীত ১০ কোটি টকাৰ কানি জব্দ

গুৱাহাটীৰ মাজেৰে সৰবৰাহ কৰিব বিচৰা কেইবা কোটি টকাৰ নিচাযুক্ত দ্ৰব্য পুনৰ গুৱাহাটী ৰে’ল ষ্টেছনত জব্দ কৰিবলৈ সক্ষম হয় ৰে’ল আৰক্ষী৷ ৰে’ল আৰক্ষীয়ে নিৰ্দিষ্ট সূত্ৰৰ তথ্যৰ ভিত্তিত দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছত অভিযান চলাই চাৰি সৰবৰাহকাৰীসহ প্ৰায় ১০ কোটি টকা মূল্যৰ কানি [অ’পিয়াম] জব্দ কৰিবলৈ সক্ষম হয়৷ প্ৰাপ্ত তথ্য অনুসৰি জি আৰ পি বাহিনীয়ে এক নিৰ্দিষ্ট সূত্ৰৰ পৰা নিচাযুক্ত সামগ্ৰীখিনি সৰবৰাহ হোৱাৰ তথ্য লাভ কৰাৰ পাছত গুৱাহাটী ৰে’ল ষ্টেছনত উপস্থিত হোৱা ২০৫০৩ নং ডিব্ৰুগড়-নতুন দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছত অভিযান চলায়৷ 
আৰক্ষী বাহিনীয়ে ৰে’লখনৰ ডবাত দুটামান সন্দেহজনক বেগ লাভ কৰি তালাচী চলায়৷ আৰক্ষীৰ তালাচীত বেগকেইটাৰ পৰা মুঠ ১০.ৰৰ কিল’ ওজনৰ কানিৰ পেকেট উদ্ধাৰ হয়৷ মুঠ ১০টা টোপোলা কৰি এই বৃহৎ পৰিমাণৰ কানিখিনি সৰবৰাহ কৰাৰ চেষ্টা কৰা হৈছিল৷ আৰক্ষীয়ে বেগকেইটাৰ গৰাকী দুই মহিলাসহ মুঠ চাৰিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে৷ ধৃত চাৰিওটা বিহাৰৰ বাসিন্দা৷ নিষিদ্ধ কানিখিনিৰ বজাৰত মূল্য প্ৰায় ১০ কোটি টকা হ’ব বুলি আৰক্ষীয়ে সদৰী কৰে৷ আনহাতে এই কানিখিনি ডিমাপুৰৰ পৰা হাওৰালৈ সৰবৰাহ কৰাৰ চেষ্টা কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...