মুখ্যমন্ত্ৰীৰ অমৃত বৃক্ষ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ

0
662


ভৱিষ্যৎ প্ৰজন্মৰ বাবে পৰিৱেশ সংৰক্ষণৰ দৃষ্টিভংগীৰে যোৱা ১৭ জুলাইত ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰখি জনতা ভৱনত গছপুলি ৰোপণ প্ৰকল্পৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগে ১৫ আগষ্টলৈ বৃক্ষৰোপণৰ কাৰ্যসূচী আৰম্ভ কৰিছে৷ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ অধীনৰ সকলো কাৰ্যালয়, পৰিষদ, নগৰীয়া স্থানীয় নিকায়-নিগম, পঞ্জীভুক্ত সংস্থা আৰু শিক্ষানুষ্ঠানৰ ৮০,০০০তকৈও অধিক প্ৰতিষ্ঠানিক চৌহদক সামৰি ল’বলৈ আহ্বান জনায়৷ তেওঁ প্ৰতিটো কাৰ্যালয়ত ৭৫টাকৈ পুলি ৰোপণ কৰি অমৃত বৃক্ষ অভিযান চলাবলৈ বিভাগীয় বিষয়াসকলক আহবান জনায়৷ তেওঁ কয় যে গুৰুত্বপূৰ্ণ থলুৱা প্ৰজাতিৰ গছপুলি প্ৰতিষ্ঠানিক চৌহদত ৰোপণ কৰাৰ পাছত বিষয়া-কৰ্মচাৰী, শিক্ষাৰ্থী আদিয়ে সঠিক যতন লোৱাৰ লগতে এক সমৰ্পিত ৱেব পৰ্টেলৰ জৰিয়তে নিৰ্ধাৰিত সময়ৰ মূৰে মূৰে তিনি বছৰলৈ উদ্ভিদবোৰৰ জিঅ’-টেগযুক্ত আলোকচিত্ৰ আপলোড কৰিব লাগিব৷

গছপুলি ৰোপণ, গুৰুত্বপূৰ্ণ থলুৱা উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণ, প্ৰতিষ্ঠানিক চৌহদৰ নান্দনিক সৌন্দৰ্যবৰ্ধন আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰশমনত সামূহিক সজাগতাৰ জৰিয়তে অক্সিজেন ভাণ্ডাৰ বৃদ্ধি কৰাত এই পদক্ষেপে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ সকলোকে আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি ৭৫টা গছপুলিক অমৃত বৃক্ষ হিচাপে ৰোপণ কৰি কাৰ্যসূচীটো অমৃত বৃক্ষ মহোৎসৱলৈ ৰূপান্তৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সকলোৰে প্ৰতি আহবান জনায়৷

নতুন প্ৰজন্ম গছ-গছনি অৰ্থাৎ প্ৰকৃতি সুৰক্ষাৰ প্ৰতি সচেতন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে৷ যেনেদৰে নহওক, ৩০ শতাংশ বনভূমি অক্ষত থাকিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অমৃত বৃক্ষ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত মন্ত্ৰী ক্ৰমে কেশৱ মহন্ত, অতুল বৰা, ডাঃ ৰণোজ পেগু, পৰিমল শুক্লবৈদ্য, ইউ জি ব্ৰহ্ম, যোগেন মহন, নন্দিতা গাৰ্লোছা,জয়ন্ত মল্ল বৰুৱা, মুখ্য সচিব জিষ্ণু বৰুৱাও উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here