গুৱাহাটীত ১০ কোটি টকাৰ কানি জব্দ

0
193

গুৱাহাটীৰ মাজেৰে সৰবৰাহ কৰিব বিচৰা কেইবা কোটি টকাৰ নিচাযুক্ত দ্ৰব্য পুনৰ গুৱাহাটী ৰে’ল ষ্টেছনত জব্দ কৰিবলৈ সক্ষম হয় ৰে’ল আৰক্ষী৷ ৰে’ল আৰক্ষীয়ে নিৰ্দিষ্ট সূত্ৰৰ তথ্যৰ ভিত্তিত দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছত অভিযান চলাই চাৰি সৰবৰাহকাৰীসহ প্ৰায় ১০ কোটি টকা মূল্যৰ কানি [অ’পিয়াম] জব্দ কৰিবলৈ সক্ষম হয়৷ প্ৰাপ্ত তথ্য অনুসৰি জি আৰ পি বাহিনীয়ে এক নিৰ্দিষ্ট সূত্ৰৰ পৰা নিচাযুক্ত সামগ্ৰীখিনি সৰবৰাহ হোৱাৰ তথ্য লাভ কৰাৰ পাছত গুৱাহাটী ৰে’ল ষ্টেছনত উপস্থিত হোৱা ২০৫০৩ নং ডিব্ৰুগড়-নতুন দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছত অভিযান চলায়৷ 
আৰক্ষী বাহিনীয়ে ৰে’লখনৰ ডবাত দুটামান সন্দেহজনক বেগ লাভ কৰি তালাচী চলায়৷ আৰক্ষীৰ তালাচীত বেগকেইটাৰ পৰা মুঠ ১০.ৰৰ কিল’ ওজনৰ কানিৰ পেকেট উদ্ধাৰ হয়৷ মুঠ ১০টা টোপোলা কৰি এই বৃহৎ পৰিমাণৰ কানিখিনি সৰবৰাহ কৰাৰ চেষ্টা কৰা হৈছিল৷ আৰক্ষীয়ে বেগকেইটাৰ গৰাকী দুই মহিলাসহ মুঠ চাৰিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে৷ ধৃত চাৰিওটা বিহাৰৰ বাসিন্দা৷ নিষিদ্ধ কানিখিনিৰ বজাৰত মূল্য প্ৰায় ১০ কোটি টকা হ’ব বুলি আৰক্ষীয়ে সদৰী কৰে৷ আনহাতে এই কানিখিনি ডিমাপুৰৰ পৰা হাওৰালৈ সৰবৰাহ কৰাৰ চেষ্টা কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here