ৰন্ধন প্ৰকৰণত বিভিন্ন মছলা ব্যৱহাৰ কৰা হয়৷ এইবোৰে শৰীৰক বিভিন্ন ৰোগৰ পৰা মুক্ত কৰি ৰাখে৷ তাৰ ভিতৰত ধনিয়াও অন্যতম৷ ধনিয়াৰ সুগন্ধিয়ে ব্যঞ্জনখনৰ সোৱাদ দুগুণে বঢ়ায়৷ সুগন্ধিযুক্ত ধনিয়া পাতৰ ৰসৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনি অবাক হৈ যাব৷ ধনিয়া পাতৰ ৰসে কিদৰে আমাৰ উপকাৰ সাধন কৰে জানা আহক৷
অন্য্যন্য ভেষজতকৈ ধনিয়া পাতৰ ৰস শৰীৰৰ বাবে বেছ উপকাৰী৷ প্ৰথমে কেইটামান ধনিয়া পাত লৈ সৰু সৰু কুটি তাৰ পাছত পাতকেইটা পিচি লৈ ৰস উলিয়াই ল’ব৷ ৰসৰ পৰিমাণ অনুসৰি তাত অলপমান নিমখো মিহলাব পাৰে অথবা নেমুৰ ৰসো দিলে গুণাগুণে দুগুণে চৰায়৷ এই মিশ্ৰণখিনি দৈনিক পান কৰিলে কিডনীজনিত যিকোনো সমস্যা দূৰ হয়৷ শৰীৰৰ পৰা টক্সিন বাহিৰ কৰাত ধনিয়া পাতৰ ৰসে অন্যতম ভূমিকা গ্ৰহণ কৰে৷ ইয়াৰ লগতে স্বাস্থ্যও ভালে ৰাখে৷ শৰীৰৰ অতিৰিক্ত কেলৰি নোহোৱা কৰিবলৈ আৰু স্থূলতা হ্ৰাস কৰাত ধনিয়া পাতৰ ৰস যথেষ্ট কাৰ্যকৰী৷ ধনিয়া পাতৰ পটাচিয়ামেৰে সমৃদ্ধ৷ সেয়েহে যিসকলৰ হাৰ্টৰ সমস্যা আছে, তেওঁলোকে খাদ্য গ্ৰহণ কৰাৰ আগে আগে ধনিয়া পাতৰ ৰস সেৱন কৰিলে যথেষ্ট উপকাৰ লাভ কৰিব৷ ছালৰ বিভিন্ন সমস্যাৰ বাবে ধনিয়া পাতৰ ৰস উপকাৰী৷ ছালৰ শুষ্কতা, ৰুক্ষতা আদি নোহোৱা কৰি ছালখন উজ্জ্বল, মসৃণ কৰিবলৈ ধনিয়া পাতৰ ৰস সেৱন কৰিব পাৰে
খালী পেটত ধনিয়া পাতৰ ৰস খালে পাব আচৰিত গুণ
Appreciation
March 31, 2022
Very informative. Helpful for people irrespective of age, gender, education and to develop fundamental knowledge on various food and beverages around us.
very useful website
November 6, 2021
For me, health is everything. Without a healthy body we cannot perform our level best. So, people, who are concern about their health, can visit this website regularly.
Strong information on health
March 12, 2021
From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.