মানাহত ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা বৃদ্ধি

0
554

মানাহ ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পত ৬০টালৈ বৃদ্ধি পাইছে ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা৷ মানাহৰ শেহতীয়া বন্যপ্ৰাণী নিৰীক্ষণৰ ফল প্ৰকাশৰ জৰিয়তে সদৰী কৰিছে এই তথ্য৷ ৰাষ্ট্ৰীয় উদ্যানখনত শেহতীয়া কেমেৰা ট্ৰেপিঙৰ ফল মূল্যায়ন কৰি নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটিয়ে নিৰ্ধাৰণ কৰা অনুসৰি সম্প্ৰতি মানাহত ৫২টা প্ৰাপ্তবয়স্ক ঢেঁকীয়াপতীয়া বাঘ আৰু ৮টা পোৱালিকে ধৰি মুঠ ৬০টা ঢেঁকীয়াপতীয়া বাঘ আছে৷ আনহাতে এইসমূহৰ ২৭টাৰ সঠিক লিংগ নিৰ্ণয় কৰা হৈছে, যাৰ ভিতৰত ৮টা মতা আৰু ১৯টাই মাইকী৷ 
উল্লেখ্য যে ইয়াৰ পূৰ্বৰ কেমেৰা ট্ৰেপিঙৰ ফল অনুসৰি মানাহত ৪৮টা বাঘ থকাৰ তথ্য সদৰী কৰা হৈছিল, সেই অনুসৰি বিগত বৰ্ষৰ পৰা ৮টা পোৱালিকে ধৰি মুঠ ১২টা বাঘ বৃদ্ধি হৈছে৷ উল্লেখ্য যে এইবাৰ মানাহ ব্যাঘ্ৰ প্ৰকল্প কৰ্তৃপক্ষই মানাহৰ সংৰক্ষণৰ সহযোগী সংস্থা ডব্লিউ ডব্লিউ এফ-ইণ্ডিয়া, ডব্লিউ টি আই আৰু আৰণ্যকৰ সহযোগত মানাহৰ বিভিন্ন স্থানত মুঠ ৩৮১টা ট্ৰেপ কেমেৰা স্থাপন কৰিছিল৷ 
এই তথ্যসমূহ মানাহৰ ক্ষেত্ৰ সঞ্চালকালয়ত বিশ্লেষণ কৰাৰ পাছত সেয়া ডেৰাডুনস্থিত ৱাইল্ড লাইফ ইনষ্টিটিউট অব্‌ ইণ্ডিয়াত নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটিয়ে বৈধতা প্ৰদান কৰে৷ সেই অনুসৰি মানাহত ৩২৩০ টা সুগৰি পহু [হগ ডিয়েৰ], ১৬৫৬ টা বনৰীয়া ম’হ, ১১৭৪ টা ইণ্ডিয়ান বাইছন, ৮০৪ টা শৰ পহু] আৰু ২৬১৩ টা হাতী আছে৷ এই তথ্য প্ৰস্তুত কৰাৰ বাবে মুঠ চাৰিশ কিঃমিঃ ক্ষেত্ৰক সামৰি লোৱা হৈছিল বুলিও জানিব পৰা গৈছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here