খালী পেটত ধনিয়া পাতৰ ৰস খালে পাব আচৰিত গুণ

0
228

ৰন্ধন প্ৰকৰণত বিভিন্ন মছলা ব্যৱহাৰ কৰা হয়৷ এইবোৰে শৰীৰক বিভিন্ন ৰোগৰ পৰা মুক্ত কৰি ৰাখে৷ তাৰ ভিতৰত ধনিয়াও অন্যতম৷ ধনিয়াৰ সুগন্ধিয়ে ব্যঞ্জনখনৰ সোৱাদ দুগুণে বঢ়ায়৷ সুগন্ধিযুক্ত ধনিয়া পাতৰ ৰসৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনি অবাক হৈ যাব৷ ধনিয়া পাতৰ ৰসে কিদৰে আমাৰ উপকাৰ সাধন কৰে জানা আহক৷
অন্য্যন্য ভেষজতকৈ ধনিয়া পাতৰ ৰস শৰীৰৰ বাবে বেছ উপকাৰী৷  প্ৰথমে কেইটামান ধনিয়া পাত লৈ সৰু সৰু কুটি তাৰ পাছত পাতকেইটা পিচি লৈ ৰস উলিয়াই ল’ব৷ ৰসৰ পৰিমাণ অনুসৰি তাত অলপমান নিমখো মিহলাব পাৰে অথবা নেমুৰ ৰসো দিলে গুণাগুণে দুগুণে চৰায়৷ এই মিশ্ৰণখিনি দৈনিক পান কৰিলে কিডনীজনিত যিকোনো সমস্যা দূৰ হয়৷ শৰীৰৰ পৰা টক্সিন বাহিৰ কৰাত ধনিয়া পাতৰ ৰসে অন্যতম ভূমিকা গ্ৰহণ কৰে৷ ইয়াৰ লগতে স্বাস্থ্যও ভালে ৰাখে৷ শৰীৰৰ অতিৰিক্ত কেলৰি নোহোৱা কৰিবলৈ আৰু স্থূলতা হ্ৰাস কৰাত ধনিয়া পাতৰ ৰস যথেষ্ট কাৰ্যকৰী৷ ধনিয়া পাতৰ পটাচিয়ামেৰে সমৃদ্ধ৷ সেয়েহে যিসকলৰ হাৰ্টৰ সমস্যা আছে, তেওঁলোকে খাদ্য গ্ৰহণ কৰাৰ আগে আগে ধনিয়া পাতৰ ৰস সেৱন কৰিলে যথেষ্ট উপকাৰ লাভ কৰিব৷ ছালৰ বিভিন্ন সমস্যাৰ বাবে ধনিয়া পাতৰ ৰস উপকাৰী৷ ছালৰ শুষ্কতা, ৰুক্ষতা আদি নোহোৱা কৰি ছালখন উজ্জ্বল, মসৃণ কৰিবলৈ ধনিয়া পাতৰ ৰস সেৱন কৰিব পাৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here