ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ প্ৰেক্ষাগৃহত প্ৰথম ডাঃ ৰোহিণী কুমাৰ বৰকটকী স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়৷ ‘কেঞ্চাৰ আৰু ইয়াৰ প্ৰতিৰোধ প্ৰতিকাৰ’ শীৰ্ষক স্মাৰক বক্তৃতানুষ্ঠানত স্মাৰক বক্তৃতা প্ৰদান কৰে গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান ডাঃ অমল কটকীয়ে৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতী মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানৰ সভাপতিত্ব কৰে এ এম চিৰ অধ্যাপক ডাঃ প্ৰণয় ফুকনে৷ স্মাৰক বক্তৃতা প্ৰদান কৰি ডাঃ অমল কটকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাই আহিছে৷ তেওঁ কয় যে ২০২১ বৰ্ষত উত্তৰ-পূবত মুঠ ৪৫,২৭৯ গৰাকী কৰ্কট ৰোগী চিনাক্ত কৰা হৈছে৷ ইয়াৰ ভিতৰত অসমতে সৰ্বাধিক ৩৪,০৭৬ গৰাকী এনে ৰোগী চিনাক্ত কৰা হৈছে৷ আনহাতে মেঘালয়ত ২৩৯১ গৰাকী, ত্ৰিপুৰাত ২২৯৮ গৰাকী, মিজোৰামত ১৬৬১ গৰাকী, মণিপুৰত ১৬২৩ গৰাকী, নগালেণ্ডত ১৪৩৬ গৰাকী, অৰুণাচলত ১২৯০ গৰাকী আৰু ছিকিমত ৫০৪ গৰাকী চিনাক্ত কৰা হৈছে৷ ধঁপাতজাতীয় দ্ৰৱ্য সেৱন, গুট্খা খোৱাৰ অভ্যাসৰ উপৰি কৰ্কট ৰোগ বৃদ্ধি পোৱাৰ অন্যতম কাৰণসমূহৰ ভিতৰত পৰিৱেশ, খাদ্যাভ্যাস জীৱনশৈলী, জেনিটিক ফেক্টৰ আদিও আছে বুলি তেওঁ কয়৷ ডাঃ কটকীয়ে বক্তৃতাত কৰ্কট ৰোগৰ প্ৰতিকাৰৰ সম্পৰ্কতো ব্যাখ্যা আগবঢ়ায়৷ মেডিকেল কলেজৰ অধ্যাপক, ছাত্ৰ-ছাত্ৰী, কেঞ্চাৰ প্ৰতিৰোধৰ বাবে কাম কৰি অহা প্ৰতিষ্ঠান ‘প্ৰতিশ্ৰুতি’ আৰু দীপশিখা ফাউণ্ডেশ্যন’ৰ সদস্যসকলে অংশ লয়৷
কৰ্কট ৰোগৰ অন্যতম কাৰণ পৰিৱেশ, খাদ্যাভ্যাস জীৱনশৈলী, জেনিটিক ফেক্টৰ
By Health Plus
110
Previous articleপুনৰ ১০ কোটি টকাৰ হেৰ’ইন জব্দ : ক’ত ?
Next articleগৰ্ভজাত শিশুটিৰ আয়ডিনৰ প্ৰয়োজনীয়তা কিমান ?
RELATED ARTICLES
ৰেস্তোৰাঁত ফলৰ ৰসৰ পৰিৱৰ্তে ডিটাৰজেণ্ট মিহলি পানী : ক’ত?
Health Plus - 0
ছ’চিয়েল মিডিয়াত প্ৰকাশিত এক আজব আৰু দায়িত্বজ্ঞানহীন কৰ্মই সৰ্বসাধাৰণৰ মাজত চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ চীনৰ ৰেস্তোৰাঁত ফলৰ ৰসৰ পৰিৱৰ্তে...
মহাবিশ্বত ISRO-ৰ ৰিইউজেবললঞ্চ ভেহিকলৰ পৰীক্ষাৰ পদক্ষেপ
Health Plus - 0
এটা সময়ত সমুদ্ৰ বিশ্বৰ বাণিজ্য তথা শক্তিৰ কেন্দ্ৰ আছিল৷ কিন্তু লাহে লাহে এতিয়া মহাকাশে সেই স্থান পূৰ কৰিবলৈ...
পাঁচখন গাঁৱত ধূমপান নিষিদ্ধ!জানক ইয়াৰ আঁৰৰ কথা
Health Plus - 0
ধূমপানৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ তালিকাখন আমাৰ সকলোৰে জ্ঞাত৷ সেয়ে সময়সাপেক্ষে কিছুমান এলেকা বা অঞ্চল ধূমপানৰ পৰা সুৰক্ষিত হ’বলৈ নিষিদ্ধ কৰা হয়৷...
Most Popular
মছলা হিচাপে খোৱা কলাজিৰাৰআছে বিস্ময়কৰ শক্তি
প্ৰাচীন কালৰে পৰা কালজিৰা মানৱদেহৰ নানা ৰোগৰ চিকিৎসাত ব্যৱহাৰ হৈ আহিছে৷ কালজিৰা অকল খাদ্যৰ সোৱাদ বৃদ্ধিতে নহয়, ইয়াৰ বীজৰ পৰা উৎপন্ন হোৱা...