কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে ইউনিফাইড পেমেণ্ট ইণ্টাৰফে’চৰ যোগেদি ভাৰতত ধনৰ লেনদেনৰ পৰিমাণ ২০২২ বিত্তীয় বৰ্ষত এক ট্ৰিলিয়ন আমেৰিকান ডলাৰতকৈ অধিক হ’ল আৰু বৰ্তমান ভাৰত হৈছে বিশ্বজুৰি ডিজিটেল লেনদেনত শীৰ্ষত৷ তেওঁ কয় যে ২০২১ চনত বিশ্বৰ মুঠ ডিজিটেল লেনদেনৰ ৪০ শতাংশ আছিল ভাৰতৰ আৰু ভীম-ইউ পি আই এতিয়া কেৱল এটা ভাৰতীয় এপ হৈ থকা নাই ই হৈছে বিশ্বজনীন৷
তেওঁ কয় যে ১৩০ কোটি ভাৰতীয়ই ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ [প্ৰত্যক্ষ অৰ্থসাহায্য হস্তান্তৰ] যোগেদি প্ৰত্যক্ষভাৱে তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰৰ অৰ্থসাহায্য লাভ কৰিছে৷ তেওঁ কয় যে সাত বছৰত ২৩ লাখ কোটি টকা প্ৰত্যক্ষভাৱে বেংক একাউণ্টসমূহত সুমুৱাই দিয়া হৈছে আৰু ইয়াৰ ফলত ২ লাখ কোটি টকা সঞ্চয় হৈছে৷
তেওঁ কয় যে ই হৈছে বৃহৎ সফলতা, কিন্তু একে সময়তে ই এটা বৃহৎ প্ৰত্যাহ্বানো; কাৰণ চাইবাৰ জালিয়াতি আৰু চাইবাৰ আক্ৰমণে দেশৰ সন্মুখত প্ৰত্যাহ৩ানৰ সৃষ্টি কৰিছে৷ তেওঁ আৰু কয় যে যদি ভাৰত এই দিশত আগবাঢি.ব পাৰে, তেন্তে চাইবাৰ নিৰাপদ এখন ভাৰত নিৰ্মাণ কৰিব পৰা হ’ব৷
কোনখন দেশ ডিজিটেল লেনদেনত বিশ্বৰ ভিতৰত শীৰ্ষত ?
Appreciation
March 31, 2022
Very informative. Helpful for people irrespective of age, gender, education and to develop fundamental knowledge on various food and beverages around us.
very useful website
November 6, 2021
For me, health is everything. Without a healthy body we cannot perform our level best. So, people, who are concern about their health, can visit this website regularly.
Strong information on health
March 12, 2021
From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.