১ জুলাইৰ পৰা নিষিদ্ধ ছিংগল ইউজ প্লাষ্টিক

0
1023

২০২২ চনৰ ভিতৰত ছিংগল ইউজ প্লাষ্টিক অৰ্থাৎ এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিকৰ সামগ্ৰী ক্ৰমশঃ নাইকিয়া কৰাৰ পদক্ষেপত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে যে ২০২২ চনৰ ১ জুলাইৰ পৰা কম উপযোগিতাৰ তথা বেছি আৱৰ্জনা সৃষ্টি কৰা ছিংগল ইউজ প্লাষ্টিকৰ তৈয়াৰ, আমদানি, জমা, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ হ’ব৷ 
পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে প্ৰেৰণ কৰা এখন জাননীত কোৱা হৈছে যে চিনাক্ত ছিংগল ইউজ প্লাষ্টিকৰ সামগ্ৰীৰ বিৰুদ্ধে ঘোষণা কৰা নিষেধাজ্ঞাৰ ফলদায়ক বলৱৎকৰণৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজি্যক পৰ্যায়ত নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হ’ব৷
নিষিদ্ধ ঘোষণা কৰা ছিংগল ইউজ প্লাষ্টিক সামগ্ৰীবোৰৰ ভিতৰত আছে– প্লাষ্টিক ষ্টিকৰ সৈতে ইয়াৰবাড, বেলুনৰ বাবে প্লাষ্টিকৰ ষ্টিক [কাঠি], প্লাষ্টিকৰ পতাকা, কেণ্ডি ষ্টিক, আইচক্ৰীমৰ ষ্টিক, অলংকৰণৰ বাবে থাৰ্মকল, প্লাষ্টিকৰ প্লেট-কাপ-গিলাচ, প্লাষ্টিকৰ কাঁটা চামুচ, চামুচ, ছুৰী, ষ্ট্ৰ, ট্ৰে, মিঠাইৰ বাকচ, নিমন্ত্ৰণী-পত্ৰ, চিগাৰেটৰ পেকেটত মেৰিওৱা প্লাষ্টিকৰ ফিল্ম, ১০০ মাইক্ৰনতকৈ কম প্লাষ্টিক বা পি ভি চি বেনাৰ৷ প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা সংশোধন নিয়ম, ২০২১ত ইতিমধ্যেই ৭৫ মাইক্ৰনতকৈ কম ডাঠ প্লাষ্টিক কেৰি বেগৰ তৈয়াৰ, জমা, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে৷ ইয়াত ২০২২ চনক ৩১ ডিচেম্বৰৰ পৰা ১২০ মাইক্ৰনতকৈ কম ডাঠ প্লাষ্টিক কেৰি বেগ নিষেধ কৰাৰ কথাও কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here