Home Daily news কাৰ এই প্ৰতিবেদন ? ৰাজ্যখনত নৱজাতকৰ মৃত্যুৰ সংখ্যা হ্ৰাস

কাৰ এই প্ৰতিবেদন ? ৰাজ্যখনত নৱজাতকৰ মৃত্যুৰ সংখ্যা হ্ৰাস

অসমবাসীৰ বাবে সুখবৰ৷ ক্ৰমাৎ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়ন হৈছে৷ পূৰ্বতে নৱজাতকৰ মৃত্যুৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসমৰ স্থান প্ৰথম আছিল যদিও এতিয়া পৰিৱেশ সলনি হৈছে৷ এই ক্ষেত্ৰত দেশৰ ভিতৰতে উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে অসমে৷ 
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য  জৰীপৰ প্ৰতিবেদন অনুসৰি পূৰ্বতে ৰাজ্যখনত এক হাজাৰ নৱজাতকৰ মাজত ৪৮টা শিশুৰে মৃত্যু হৈছিল৷ কিন্তু এতিয়া এই সংখ্যা যথেষ্ট হ্ৰাস পাই প্ৰতি এক হাজাৰ নৱজাতকৰ মাজত মৃত্যু হোৱা শিশুৰ সংখ্যা হৈছেহি ৩২টা৷ 
এই ক্ষেত্ৰত অসমে বিহাৰ, ত্ৰিপুৰা আদি বহুকেইখন ৰাজ্যৰ তুলনাত ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে৷ আনহাতে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো ৰাজ্যৰ লোকসকল পূূৰ্বতকৈ বহু পৰিমাণে সচেতন হৈছে৷ প্ৰতিবেদনখনৰ মতে, পৰিয়াল পৰিকল্পনাৰ বাবে আধুনিক পদ্ধতি অৱলম্বন কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ ৬১ শতাংশ লোকেই বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে৷ আনিক এই ক্ষেত্ৰত কেৰালাৰ দৰে ৰাজ্যতকৈও আগত আছে অসম৷ 
ইফালে চিকিৎসালয়ত সন্তান জন্ম দিয়াৰ ক্ষেত্ৰতো অসমৰ জনসাধাৰণে পূৰ্বতকৈ যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ পূৰ্বৰ জৰীপত ৰাজ্যৰ দহ হাজাৰ গৰ্ভৱতী মহিলাৰ ভিতৰত তিনি হাজাৰ মহিলাইহে চিকিৎসালয়লৈ গৈ সন্তান জন্ম দিছিল বুলি তথ্য পোৱা গৈছিল যদিও এতিয়া ৰাজ্যৰ ৫৪১৫গৰাকী মহিলাই চিকিৎসালয়ত সন্তান জন্ম দিয়াৰ কথা পোহৰলৈ আহিছে৷ 
গুজৰাট, কেৰালা, বিহাৰ আদি ৰাজ্য এই ক্ষেত্ৰত অসমতকৈ বহু পিছপৰি আছে৷ ইফালে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ এনে উন্নয়নৰ বিপৰীতে শিশুসকল পুষ্টিহীনতাত ভোগাৰ কথাও প্ৰতিবেদনখনত প্ৰকাশ পাইছে৷ সেই অনুসৰি পাঁচ বছৰৰ তলৰ ৩৫ শতাংশ শিশুৰে ওজন কম৷ মহিলা সবলীকৰণৰ ক্ষেত্ৰত অৱশ্যে অসমৰ মহিলাসকল বহুখিনি আগবাঢ়ি গৈছে৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,