সৰ্বাধিক ইণ্টাৰনেট বন্ধ কৰা দেশৰ শীৰ্ষত ভাৰত

0
1129

একেবাৰে চতুৰ্থবাৰলৈ সৰ্বাধিক ইণ্টাৰনেট সেৱা বন্ধ কৰা দেশৰ তালিকাত ভাৰতে শীৰ্ষস্থান লাভ কৰিছে৷ তথ্য আৰু প্ৰযুক্তিবিদ্যা ক্ষেত্ৰত থিংক টেংক এছেছ নাওৰ তথ্য মতে ভাৰতত ২০২১ চনত ১০৬ বাৰ ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছিল৷ ইয়াৰে ৮৮ বাৰ কেৱল জম্মু-কাশ্মীৰতে বন্ধ কৰা হৈছিল৷
ইয়াৰ পাছত ম্যানমাৰত ১৫ বাৰ, চুডান আৰু ইৰানত পাঁচবাৰকৈ ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছিল৷ আনহাতে ২০২০ চনত বিভিন্ন কাৰণত দেশত ১০৯ বাৰ ইণ্টাৰনেট সেৱা বন্ধ কৰিবলগীয়া হৈছিল৷ ইয়াৰ ভিতৰত বিভিন্ন প্ৰতিবাদ নিয়ন্ত্ৰণ কৰাৰ লগতে অনলাইনযোগে হোৱা জালিয়াতি ৰোধৰ প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতে ইণ্টাৰনেট সেৱা বন্ধ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here