ছানস্ক্ৰিনৰ বিকল্প হিচাপে কি ঘৰুৱা উপায় ব্যৱহাৰ কৰিব ?

0
236

গ্ৰীষ্মকালি প্ৰখৰ ৰ’দৰ পৰা ছালখনক বচাবলৈ একমাত্ৰ উপায়টোৱেই হৈছে ছানস্ক্ৰিনৰ ব্যৱহাৰ৷ কিয়নো ছানস্ক্ৰিন নলগোৱাকৈ ৰ’দত ওলালে ছালখন নষ্ট হৈ যোৱাটো স্বাভাৱিক৷ সেয়ে প্ৰখৰ ৰ’দত বাহিৰ ওলাবলৈ হ’লে ছালখনত ছানস্ক্ৰিন লগাবই লাগিব৷ 
ছানস্ত্ৰিনে ছালখনৰ স্বাস্থ্য বজাই ৰাখে৷ বজাৰত বিভিন্ন ব্ৰেণ্ডৰ ছানস্ক্ৰিন পোৱা যায় আৰু ইয়াৰ মূল্যও অত্যধিক৷ সেয়ে কম খৰচতে সহজে পোৱাকৈ ঘৰুৱা উপায়েৰে কিদৰে ছানস্ক্ৰিনৰ পৰিৱৰ্তে ছালখন নষ্ট নোহোৱাকৈ ৰাখিবলৈ কি কৰিব জানো আহক৷
তিলৰ তেলে ছালখনক সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ৰক্ষা কৰাত সহায় কৰে৷ সেয়েহে ৰ’দত ওলোৱাৰ আগেয়ে ছানস্ক্ৰিন হিচাপে ছালত তিলৰ তেল ব্যৱহাৰ কৰিব পাৰে৷ তিলৰ তেলৰ ভিটামিন-চি থাকে, যিয়ে সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষা প্ৰদান কৰে৷
টী ট্ৰি অইলে ছানস্ক্ৰিন হিচাপে কাম কৰে৷  টী ট্ৰি অইলত থকা এণ্টিছেপ্টিক বৈশিষ্ট্যই ছালৰ দাগ ছালৰ নষ্ট নোহোৱা, ব্ৰুনৰ সমস্যা আদিৰ পৰাও ছালখনক মুক্ত কৰি ৰাখে৷
অলিভ অইলে ছালৰ যত্নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ ছানস্ক্ৰিনৰ বিকল্প হিচাপে অলিভ অইল ব্যৱহাৰ কৰিব পাৰি৷ অলিভ অইলৰ সৈতে আলমণ্ড অইল মিশ্ৰণ কৰি ছালত লগাতে ছালৰ পৰিচৰ্যাত বিশেষভাৱে কাম কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here