Home Diet Plus কলেষ্টৰেল, কেঞ্চাৰ প্ৰতিৰোধৰবাবে এইবিধ শাক খাওক

কলেষ্টৰেল, কেঞ্চাৰ প্ৰতিৰোধৰবাবে এইবিধ শাক খাওক

সকলো প্ৰকাৰৰ শাকে পুষ্টিগুণেৰে ভৰপূৰ৷ ইয়াৰ ভিতৰত সৰিয়হ শাকো অন্যতম৷ ঔষধি গুণসম্পন্ন সৰিয়হ শাকত নানা উপযোগী দ্ৰব্য, ভিটামিন-কে আদি পোৱা যায়৷ পুষ্টিবিদৰ মতে স্বাস্থ্য ঠিকে ৰাখিবলৈ সৰিয়হ শাকে খোৱা আৱশ্যক৷ সৰিয়হ শাকত ভিটামিন-কে যথেষ্ট পৰিমাণে থাকে বাবে হাড় মজবুত আৰু শক্তিশালী কৰি ৰাখিবলৈ খোৱাটো ভাল৷ ইয়াৰ উপৰি হাৰ্ট সু্‌স্থ আৰু সবল কৰি ৰাখিবলৈ সৰিয়হ শাক নিয়মিতভাৱে খোৱাৰ অভ্যাস কৰক৷ শৰীৰৰ কোনো ক্ষতস্থান তথা আঘাতৰ বাবে ৰক্তক্ষৰণ কমাবলৈ এইবিধ শাকে ক্লটিং হিচাপে কাম কৰে৷
সৰিয়হ শাক এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ৷ আনহাতে কাৰ্চিনোজেনিক উপাদান পোৱা যায় এইবিধ শাকত৷ সেয়ে এই শাকে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে৷
কেঞ্চাৰ প্ৰতিৰোধৰ বাবে সৰিয়হ শাকত অতি লাগতিয়াল উপাদান থাকে৷ ইয়াত থকা গ্লুকোছিনোলেট মানৰ উপকাৰী উদ্ভিদ যৌগবিধে কেঞ্চাৰ প্ৰতিৰোধত সহায় কৰে৷ এইবিধ যৌগই স্বাস্থ্যকৰ কোষবোৰৰ ক্ষতিৰ পৰা ৰক্ষা কৰে৷ যাৰ ফলত কেঞ্চাৰৰ সংক্ৰমণত বাধা দিয়ে৷
হূদৰোগৰ সম্ভাৱনা কমাই সৰিয়হ শাকে৷ ইয়াত থকা উচ্ছ পৰিমাণৰ ভিটামিন-চি, ফ্লেভোনয়েড আৰু বিটা কেৰোটিনে হূদৰোগ প্ৰতিৰোধ কৰে৷
শৰীৰত কলেষ্টৰেল কমোৱাত সৰিয়হ শাকে সহায় কৰে৷ ইয়াত থকা যৌগই পৰিপাকতন্ত্ৰত পিত্ত এচিড তৈয়াৰ কৰাত সহায় কৰে, যি কলেষ্টৰেলৰ মাত্ৰা কমোৱাত অতি কাৰ্যকৰী৷
দৃষ্টিশক্তি বঢ়োৱাত সৰিয়হ শাকে যথেষ্ট অৰিহণা যোগায়৷ ইয়াত থকা এণ্টিঅক্সিডেণ্টে লুটেইন আৰু জেক্সানথিন নামৰ দুই উপাদানে চকুৰ স্বাস্থ্য উন্নত কৰে৷ বয়স সম্পৰ্কীয় দৃষ্টিশক্তিৰ সমস্যা কমোৱাতো এইবিধে শাকে বিশেষ ভূমিকা গ্ৰহণ কৰে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...