শৰীৰৰ এইবোৰ সমস্যাথাকিলে ফুলকবি নাখাব

0
134

শীতকালত উপলব্ধ ফুলকবি এবিধ পুষ্টিকৰ খাদ্য৷ ইয়াত কেলচিয়াম, ফ্লোৰাইড আদি শৰীৰৰ লাগতিয়াল উপাদান পোৱা যায়, যিয়ে হাড় তথা দাঁতৰ বাবে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ ফুলকবিত থকা ছালফোৰাফেন নামৰ উপাদানে হূদৰোগৰ সৈতে মোকাবিলা কৰাত কাৰ্যকৰীভাৱে কাম কৰে৷ ফুলকবি ভিটামিন-বি, ভিটামিন-চি, ভিটামিন-কেৰে ভৰপূৰ৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাত ফুলকবিয়ে সহায় কৰে৷ কিন্তু সকলোৰে বাবে ফুলকবি সমানে উপকাৰী নহয়৷ কিছুমান শাৰীৰিক সমস্যা থাকিলে খাদ্য হিচাপে ফুলকবি নোখোৱাই শ্ৰেয়৷ জানো আহক কি সমস্যা থাকিলে ফুলকবি একেবাৰে নাখাব৷ যিসকলৰ অত্যধিক মাত্ৰাত গেছ, এচিডিটিৰ সমস্যা আছে, তেওঁলোকে ফুলকবি খাদ্য তালিকাৰ পৰা বাদ দিয়ক৷ কিয়নো ফুলকবি খালে গেছৰ সমস্যা অধিক বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে৷
পেটৰ কিছু সমস্যা যেনে গেছ, পেট ফুলা, পেটৰ বিষ আদিৰ বাবে সীমিত মাত্ৰাতহে ফুলকবি খোৱা উচিত৷
শৰীৰত ইউৰিক এচিডৰ সমস্যা থাকিলে ফুলকবি নাখাব৷ ফুলকবিত থকা পিউৰিন নামৰ যৌগবিধে ইউৰিক এচিডৰ মাত্ৰা বঢ়াই দিয়ে৷
বদহজম বা এলাৰ্জি আদিৰ সমস্যাত ভুগি থকাসকলে ভাতৰ পাতত ফুলকবি নাৰাখিব৷
থাইৰয়েডত ভোগা ৰোগীসকলে ফুলকবি খোৱাৰ পৰা এৰাই চলক৷ নহ’লে থাইৰয়েডৰ সমস্যা দুগুণে বৃদ্ধি পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here