গুৱাহাটীত অপৰাধজনিত ঘটনাৰ হাৰ হ্ৰাস পাইছে : কোনে ক’লে ?

0
194

গুৱাহাটীৰ বিভিন্ন থানাত ৰুজু হোৱা অপৰাধজনিত ঘটনাৰ হাৰ বিগত ৫বছৰত হ্ৰাস পাইছে৷ মহানগৰ আৰক্ষী জিলাৰ নৱনিযুক্ত আয়ুক্ত দিগন্ত বৰাই এখন সংবাদমেলত দিয়া তথ্য অনুসৰি ২০২২ চনত মুঠ ১০,১৮৩ গোচৰ ৰুজু হৈছিল৷ যিটো বিগত বছৰতকৈ ৫০.৭৫ শতাংশ কম৷ ইফালে মহানগৰ আৰক্ষীৰ তৎপৰতাত যোৱা বছৰটোত দুই শতাধিক গোচৰ ৰুজু কৰি প্ৰায় ৪০৭ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে৷  মহানগৰীত সঘনাই হৈ থকা অপৰাধমূলক ঘটনাৰ সন্দৰ্ভত আয়ুক্ত দিগন্ত বৰাই বহু সময়ত গুৱাহাটীৰ চুবুৰীয়া জিলাৰ পৰা আহি একাংশ লোকে মহানগৰীত চুৰি, ডকাইতি কৰি আকৌ গুচি যোৱা তথ্যৰ কথাও উল্লেখ কৰে৷ তথাপি পৰিসংখ্যা অনুসৰি গুৱাহাটীত পূৰ্বৰ ৪ বছৰতকৈ এনে বিভিন্ন গোচৰ কমিছে আৰু অধিক গোচৰ তদন্ত কৰি অভিযুক্তক ধৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ আয়ুক্তগৰাকীয়ে দিয়া তথ্য অনুসৰি যোৱা বছৰটোত মুঠ নিষ্পত্তি হোৱা গোচৰৰ সংখ্যা ১৭,১১২টা৷ অৰ্থাৎ নিষ্পত্তিৰ হাৰ পূৰ্বতকৈ বৃদ্ধি পাই ১৬৭.২ শতাংশ হৈছে৷ 
উল্লেখ্য যে ২০২১ চনৰ পৰা ২০২২ চনলৈ নিষ্পত্তি নোহোৱাকৈ ৰৈ যোৱা গোচৰৰ সংখ্যা আছিল ৩৪,৫৩০টা৷ ইফালে ২০২১ চনত গুৱাহাটীৰ বিভিন্ন থানাত ৰুজু হোৱা গোচৰৰ মুঠ সংখ্যা ২০,৬৭৯টা আৰু নিষ্পত্তিৰ হাৰ ১০৪.১৮ শতাংশ৷ একেদৰে ২০২০ চনত মুঠ ১৭,১০৭টা গোচৰ ৰুজু হোৱাৰ লগতে বছৰটোত ৮২.২১ শতাংশ গোচৰ নিষ্পত্তি কৰা হৈছিল আৰু ৩৫,৩৯৬টা গোচৰ নিষ্পত্তি নোহোৱাকৈ ৰৈ গৈছিল৷ ২০১৯ চনত ২০,৭২৯টা গোচৰ ৰুজু হোৱাৰ লগতে বছৰটোত ৭০.২৩ শতাংশ গোচৰ নিষ্পত্তি কৰা হয় আৰু ৩২,৩৫৪ টা গোচৰ নিষ্পত্তি নোহোৱাকৈ থাকে৷ আৰক্ষী আয়ুক্তগৰাকীয়ে গুৱাহাটীৰ বিভিন্ন ঠাইত সংস্থাপিত হৈ থকা চিচি টিভি কেমেৰা সংলগ্ন ট্ৰেফিক ছিগনেলৰ কাম অহা মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি মহানগৰীত অপৰাধ নিয়ন্ত্ৰণৰ বাবে ছাৰ্ভিলেঞ্চ কেমেৰা লগোৱা আন এটা প্ৰকল্পৰ কথাও আলোচনা চলি থকা বুলি জানিবলৈ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here