Home Daily news এটুপি খোৱাপানী বিচাৰি মহানাগৰিকৰ হাহাকাৰ

এটুপি খোৱাপানী বিচাৰি মহানাগৰিকৰ হাহাকাৰ

খোৱাপানীৰ সংকটে গুৱাহাটীবাসীক বাৰুকৈয়ে জুৰুলা কৰি তুলিছে৷ ৰাজ্য চৰকাৰৰ গাফিলতিৰ বাবেই গুৱাহাটী পৌৰ নিগমৰ প্ৰতিটো ৱাৰ্ডতে এতিয়া এটা দৈনিক সমস্যাৰ সৃষ্টি হৈছে৷ ক্ষুদ্ৰ পানী যোগান আঁচনিৰ লগতে পৌৰ নিগম আৰু জু ৰ’ড পানী যোগান আঁচনিৰ পৰা মহানগৰীৰ ২০ শতাংশ পৰিয়ালকো সকাহ দিব পৰা নাই৷ চৰকাৰক যিকোনো পৰিস্থিতিতে এই মহা সংকট আঁতৰ কৰিবলৈ শীঘ্ৰে নিৰ্মীয়মাণ আঁচনিসমূহৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাই গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মহানগৰ উন্নয়ন সমিতি আৰু পানী যোগান আঁচনিসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে৷ সংগঠন দুটাই গুৱাহাটীৰ নিৰ্মাণৰত বৃহৎ পানী যোগান আঁচনিৰ কাম শীঘ্ৰে সমাপ্ত কৰি ৰাইজক পানী যোগান ধৰাৰ ব্যৱস্থা কৰিবলৈ আহবান জনায়৷ গুৱাহাটীৰ ভেটাপাৰা, ঘোঁৰামাৰা, সাওকুছি, লালমাটি, বৰসজাই, সৰুসজাই, বেলতলা আদি বিস্তীৰ্ণ অঞ্চলত দৈনিক পানীৰ নাটনিয়ে নাগৰিকক গভীৰ সমস্যাৰ ফালে ঠেলি দিছে৷ বেছিভাগ পৰিয়ালৰে কুঁৱাৰ পানী শুকাই গৈছে৷ এই সমস্যা বৃহত্তৰ হেঙেৰাবাৰী, জু ৰ’ড অঞ্চলৰ বাসিন্দাৰ মাজতো৷ এই অঞ্চলকেইটাৰ ৰাইজক যোৱা প্ৰায় ১০ দিন পানী যোগান বন্ধ কৰি ৰখাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কুঁৱা, দমকলত পানী শুকাই যোৱাত দৰিদ্ৰ পৰিয়ালৰ লোকৰ দৈনিক পানী ক্ৰয় কৰাৰ সামৰ্থ্যও নাই৷ পানীৰ সংকট বাঢ়ি অহাৰ লগে লগে ব্যক্তিগত পানী যোগানকাৰীয়ে প্ৰতি হাজাৰ লিটাৰত ৩৫০ৰ পৰা ৪০০ টকালৈ বৃদ্ধি কৰিছে৷ যিটো দৰিদ্ৰ পৰিয়ালৰ পক্ষে দৈনিক ক্ৰয় কৰি চলাটো অসম্ভৱ হৈ পৰিছে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...