বিষাক্ত হৈ পৰিছে গুৱাহাটীৰ বায়ুমণ্ডল

0
510

গুৱাহাটী মহানগৰীৰ বায়ুমণ্ডল ক্ৰমান্বয়ে যেন বিষাক্ত হৈ পৰিছে৷ মহানগৰৰ কেইবাটাও ঠাইৰ দৈনিক গড় বায়ু মানদণ্ড সূচক (AQI) অতি দুৰ্বল হৈ পৰিছে৷ অতি উদ্বেগজনক তথ্য মতে দেশৰ ভিতৰতে প্ৰদূষিত চহৰ ৰাজধানী দিল্লীতকৈও এতিয়া গুৱাহাটী মহানগৰৰ একাধিক স্থানৰ বায়ু বিষাক্ত হৈ পৰিছে৷ চলিত বৰ্ষৰ মাৰ্চৰ প্ৰথমভাগত গুৱাহাটীৰ বায়ুৰ মানদণ্ড দুৰ্বল শ্ৰেণীত অন্তৰ্ভুক্ত আছিল যদিও বৰ্তমান এই মানদণ্ড অৰ্থাৎ AQI ৩১০লৈ বৃদ্ধি পাইছে৷ এই সময়ত গুৱাহাটীৰ বায়ুৰ মানদণ্ড অতি দুৰ্বল শ্ৰেণীত অন্তৰ্ডুক্ত হৈছে৷ যাৰ ফলত ইয়াৰ একাধিক অঞ্চল ভাৰতৰ আটাইতকৈ প্ৰদূষিত চহৰবোৰৰ ভিতৰত স্থান পাইছে৷ সাধাৰণতে AQIৰ মান ০-৫০ৰ ভিতৰত থাকিলে স্বাস্থ্যকৰ বায়ু বুলি গণ্য কৰা হয়৷ একেদৰে ৫১-১০০ৰ ভিতৰত সন্তোষজনক, ১০১-২০০ৰ ভিতৰত মধ্যমীয়া, ৩০১-৪০০ৰ ভিতৰত অতি দুৰ্বল আৰু ৪০০-৫০০ৰ ভিতৰত বিপজ্জনক বুলি গণ্য কৰা হয়৷ মহানগৰীৰ এই মান অতি দুৰ্বল শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে৷ ই অতি দুৰ্বল শ্ৰেণীৰ AQIৰ ফলত শ্বাস-প্ৰশ্বাসৰ ৰোগৰ লগতে হৃদৰোগ, ছালৰ ৰোগ আদি হোৱাৰ আশংকা থাকে৷ তথ্য অনুসৰি যান-বাহনৰ চলাচল বৃদ্ধি, কল-কাৰখানাৰ ধোঁৱা, ধূলিপ প্ৰভাৱ আদিয়েই বায়ু প্ৰদূষণৰ মূল কাৰক হিচাপে দেখা দিছে৷ সেয়েহে প্ৰদূষণৰ বিৰুদ্ধে সজাগতা, সচেতনতা সৃষ্টিৰ জৰিয়তে পদক্ষেপ গ্ৰহণ কৰিলে নি(য় কম সময়ৰ ভিতৰতে প্ৰদূষণমুক্ত এখন অঞ্চল হিচাপে চিহ্নিত হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here