Home Daily news ‘এখন পৃথিৱী, অনেক প্ৰচেষ্টা’ৰ বাবে প্ৰধানমন্ত্ৰীৰ আহবান

‘এখন পৃথিৱী, অনেক প্ৰচেষ্টা’ৰ বাবে প্ৰধানমন্ত্ৰীৰ আহবান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ জুনত ‘লাইফষ্টাইল ফৰ দ্য এনভাইৰনমেণ্ট মুভমেণ্ট’ উদ্বোধন কৰে৷ এইটো হ’ল এটা আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টা৷ মোদীয়ে দৃঢ়তাৰে কয় যে ইয়াৰ ভিজন হ’ল আমাৰ গ্ৰহটোৰ ক্ষতি নকৰাকৈ গ্ৰহটোৰ সৈতে খাপ খোৱা জীৱন নিৰ্বাহ কৰা৷ এই ভাৰ্চুৱেল কাৰ্যসূচীত বিল এণ্ড মেলিণ্ডা গেট্‌ছ ফাউণ্ডেশ্যনৰ সহঃ অধ্যক্ষ বিল গেটছকে ধৰি বহু গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ 
মোদীয়ে তেওঁৰ ভাষণত কয় যে ‘মিছন লাইফ’ অতীতৰ পৰা ধাৰ কৰি অনা হৈছে, ই বৰ্তমানত কাম কৰে আৰু ভৱিষ্যতত গুৰুত্ব দিয়ে৷ ‘এখন পৃথিৱী, অনেক প্ৰচেষ্টা’ শ্ল’গান আগবঢ়াই তেওঁ কয় যে পৰিৱেশ উন্নত কৰিবলৈ আৰু আন্তঃৰাষ্ট্ৰীয় ৱেলনেছ (কল্যাণ) উন্নত কৰিবলৈ লোৱা ব্যৱস্থাসমূহলৈ সমৰ্থন আগবঢ়াবলৈ ভাৰত সাজু৷ 
বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে ‘লাইভ মুভমেণ্ট’ উদ্বোধন কৰি মোদীয়ে কয় যে আমাৰ গ্ৰহটোৰ প্ৰত্যাহবানবোৰ সকলোৱে জানে আৰু এই সময়ত প্ৰয়োজন মানৱকেন্দ্ৰিক, সমূহীয়া প্ৰচেষ্টাৰ আৰু শক্তিশালী কাৰ্যব্যৱস্থাৰ, যি বহনক্ষম উন্নয়নত সহায় কৰিব৷ আমাৰ জীৱনত ‘কমাওক, পুনৰ ব্যৱহাৰ কৰক আৰু পুনৰাৱৰ্তন কৰক’ৰ ধাৰণা আমাৰ জীৱনৰ সৈতে সংপৃক্ত৷ চাৰ্কুলাৰ ইক’নমি আমাৰ সংস্কৃতি আৰু জীৱন প্ৰণালীৰ অবিচ্ছেদ্য অংগ৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...