দেশত প্ৰথম সন্দেহযুক্ত মাংকি পক্সৰ সংক্ৰমণ

0
207

উত্তৰ প্ৰদেশৰ গাজিয়াবাদত মাংকি পক্সৰ ভাৰতৰ প্ৰথমটো সন্দেহযুক্ত সংক্ৰমণৰ বাতৰি পোৱা গৈছে৷ সংবাদ মাধ্যমৰ বাতৰি মতে, চৰকাৰী সূত্ৰই জনাইছে যে ৫ বছৰীয়া এটি কন্যা শিশুৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে৷ 
উল্লেখ্য যে বৰ্তমানলৈকে ভাৰতত মাংকি পক্সৰ সংক্ৰমণৰ কোনো ঘটনা ঘটা নাই৷ আনহাতে কেন্দ্ৰীয় চৰকাৰে আগতীয়াকৈ সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰিছে যদিও ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰ-এ মাংকি পক্সক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি ইতিমধ্যে জনসাধাৰণক অৱগত কৰিছে৷ 
গাজিয়াবাদৰ স্বাস্থ্য বিভাগৰ সূত্ৰ মতে, এখন ক্লিনিকে এটি শিশুৰ শৰীৰত মাংকি পক্সৰ দুটা বিশেষ লক্ষণ দেখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে তেজৰ নমুনা লৈছিল৷ ৫ বছৰীয়া শিশুটিক কাণৰ বেমাৰৰ বাবে ২৩ মে’ত এখন ই এন টি ক্লিনিকলৈ নিয়া হৈছিল৷ চিকিৎসকে শিশুটিৰ শৰীৰত অতি দমলা বন্ধা আৰু খজুৱতি লক্ষ্য কৰে৷ 
এই তথ্যত গুৰুত্ব দি স্বাস্থ্য বিভাগৰ বিষয়াই এটা দল নিয়োগ কৰে৷ বিষয়াসকলৰ মতে শিশুটিয়ে বিদেশ ভ্ৰমণ কৰা নাছিল বা যোৱা এমাহৰ ভিতৰত বিদেশ ভ্ৰমণ কৰা কোনো লোকৰ সংস্পৰ্শলৈও অহা নাছিল৷ মাংকি পক্সৰ আন লক্ষণ জ্বৰ বা মূৰৰ বিষো তেওঁৰ নাই৷ শিশুটিৰ তেজৰ নমুনাৰ পৰীক্ষাৰ ফল অহালৈকে পৰিয়ালটোক আনৰ পৰা আছুতীয়া হৈ থাকিবলৈ কোৱা হৈছে৷ উল্লেখ্য যে বৰ্তমানলৈকে বিশ্বজুৰি ৭০০তকৈ অধিক লোকৰ এই ৰোগৰ সংক্ৰমণ হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here