শোৱাৰ সময়ত পেশী টানি ধৰাৰ কাৰণ কি ?

0
409

ৰাতি শুই থকাক সময়ত বহতেই পেশী টানি ধৰা বা কোঁচ খোৱা সমস্যাত ভোগে৷ কেতিয়াবা শুই থাকোঁতেই ভৰি বা হাতৰ পেশী টানি ধৰি প্ৰচণ্ড বিষত টোপনি ভঙাৰ লগতে অস্বস্তিকৰ কৰি তোলে৷ এনে সমস্যা হ’লে কেতিয়াবা লগে লগে পেশী কোঁচ খোৱা ভাল হয়, আন কেতিয়াবা আকৌ বহু সময়লৈ বিষ নিৰাময় নহয়৷ বিশেষজ্ঞৰ মতে ভিটামিন-ডি, টোকোফেৰল, ভিটামিন-ই, ভিটামিন-এ, পটেচিয়াম আদিৰ অভাৱ হ’লে শৰীৰৰ পেশী টানি ধৰা সমস্যাই দেখা দিয়ে৷ আনহাতে শিশুৰ বাঢ়নৰ সময়ত এই লক্ষণে দেখা দিব পাৰে৷ শিশুৰ হাড়ৰ লগতে পেশীৰ বৃদ্ধিৰ সমতা বজাই নাথাকিলে এই সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ শৰীৰৰ ঐচ্ছিক পেশীৰ সহায়ত আমাৰ অংগ-প্ৰত্যংগবোৰ লৰচৰ কৰি বিভিন্ন কাম কৰিব পাৰে৷ সাধাৰণতে এই পেশীবোৰ সংকুচিত বা প্ৰসাৰিত হ’ব পাৰে৷ কেতিয়াবা দীৰ্ঘসময় ধৰি পেশীবোৰ সংকুচিত হৈয়ে থাকে, প্ৰসাৰিত নহয়৷ এই কাৰণে হঠাতে পেশী টানি ধৰিব পাৰে৷ যিসকল ক্ৰনিকজনিত ৰোগত ভুগি আছে বা আধাতজনিত সমস্যা আছে, তেওঁলোকৰ পেশী টান খোৱাটো স্বাভাৱিক৷ যিসকলৰ এইধৰণৰ কোনো সমস্যা নাই, সেইসকলৰ পেশী টানি ধৰাৰ কাৰণ জানো আহক৷
পেশীত লেকটিক এচিড অধিক মাত্ৰাত জমা হ’লে পেশীবোৰ সংকুচিত বা প্ৰসাৰিত হ’বলৈ নিদিয়ে৷ বিপৰীতে কৰিলে পেশীবোৰ টানি ধৰে৷
গৰ্ভাৱস্থাৰ সময়ত বহুতো মহিলাৰ শৰীৰত খনিজ পদাৰ্থৰ নাটনি হয়৷ সেয়ে এই সময়ত পেশী টানি ধৰা বা কোঁচ খোৱাৰ সমস্যা বৃদ্ধি পায়৷
মানুহৰ শৰীৰ ৯০ শতাংশ পানীৰে পৰিপূৰ্ণ৷ শৰীৰ পানীৰ পৰিমাণ ঠিকমতে থাকিলে ইয়াৰ অংগবোৰেও সঠিক মাত্ৰাত কাম কৰে৷ অন্যথা দেহত পানীৰ ভাৰসাম্য নষ্ট হ’লেই পেশী টানি ধৰা সমস্যাই দেখা দিব পাৰে৷
শৰীৰত যদি কোনো কাৰণত ভিটামিন বা মিনাৰেলত তাৰতম্য ঘটে, তেনেহ’লেও পেশী টানি ধৰা সমস্যাই দেখা দিব পাৰে৷

পেশী টানি ধৰা কিদৰে নিৰাময় কৰি ঃ-
শৰীৰত যাতে পানীৰ অভাৱ নহয়, সেইটো লক্ষ্য ৰাখিব৷ পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰক৷
শৰীৰচৰ্চা কৰাৰ সময়ত পেশী টানি ধৰিলে পৰ্যাপ্ত বিশ্ৰাম লওক৷
দুগ্ধজাত দ্ৰব্য, কল, আলমণ্ড, গাজৰ, বিন আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক৷
ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-ই, ভিটামিন-ও, পটেচিয়াম সমৃদ্ধ খাদ্য নিয়মিতভাৱে গ্ৰহণ কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here