Home Beauty Plus এইবোৰ খাদ্য খালে বুঢ়া হাড়ৰো আহিব প্ৰাণ

এইবোৰ খাদ্য খালে বুঢ়া হাড়ৰো আহিব প্ৰাণ

বেছিভাগ মানুহে হাড়ৰ সমস্যাত ভোগা দেখা যায়৷ হাড়ৰ প্ৰচণ্ড বিষ, হাড় দুৰ্বল, খোজ কাঢ়িব নোৱৰাৰ সমস্যা, হাড়ৰ গঠনৰ তাৰতম্য আদি হাড়ৰ সমস্যাৰ সৃষ্টি হয়৷ ফলত মানুহ এজনে পংগুত্ব জীৱন কটাবলগীয়াও অৱস্থা হয়৷ সাধাৰণতে শৰীৰত ভিটামিনৰ অভাৱৰ বাবে হাড়ৰ সমস্যাই দেখা দিয়ে৷ আগৰ সময়ত বয়স বঢ়াৰ লগে লগে হাড়ৰ সমস্যাই দেখা দিছিল যদিও বৰ্তমান খুব কম বয়সতে এইধৰণৰ সমস্যাই দেখা দিবলৈ ধৰিছে৷ ইয়াৰ মূলতে হ’ল শৰীৰত ভিটামিন-ডি অভাৱজনিত ঘটনা৷ সেয়েহে পৰ্যাপ্ত পৰিমাণে ভিটামিন-ডি শৰীৰত বাবে অতি লাগতিয়াল৷ প্ৰধানতঃ সূৰ্যৰ পোহৰ হ’ল ভিটামিন-ডি মুখ্য উৎস৷ সেয়েহে পুৱাৰ ৰ’দ শৰীৰত পৰিবলৈ দিলে হাড়ৰ সমস্যাৰ পৰা বহুখিনি সকাহ পাব পাৰি৷ সূৰ্য়ৰ উদয় হোৱাৰ সময়তে ২০ মিটিনিমান সময় শৰীৰত ৰ’দ লগাব পাৰিলে হাড়ৰ লগতে শৰীৰত বহু সমস্যাৰে সমাধান হয়৷ ইয়াৰ বাহিৰেও এইকেইবিধ খাদ্য গ্ৰহণৰ ফলতো শৰীৰে ভিটামিন-ডি লাভ কৰে৷ মাশ্বৰূম আমাৰ শৰীৰৰ বাবে খুব উপকাৰী এবিধ খাদ্য৷ মাশ্বৰূমত ভিটামিন-ডি আৰু মিনাৰেল থাকে, যিয়ে হাড় সুস্থ-সবল কৰি ৰাখিব পাৰে৷ সেয়েহে হাড়ৰ সমস্যা ভোগাসকলে দৈনিক খাদ্য তালিকাত মাশ্বৰূম অন্তৰ্ভুক্ত কৰিবলৈ নাপাহৰিব৷
ছয়া মিল্ক
 ভিটামিন-ডিৰ ভাল উৎস৷ তদুপৰি ছয়া মিল্ক
ত থকা প্ৰ’টিন শৰীৰৰ বাবে দৰকাৰী৷ নিয়মিতভালে ছয়া মিল্ক
 সেৱন কৰিলে শৰীৰত ভিটামিন-ডিৰ অভাৱ কমে, যিয়ে হাড় মজবুত কৰি ৰখাত সহায় কৰে৷
মিছামাছৰ ভিটামিন-ডি যথেষ্ট পৰিমাণে পোৱা যায়৷ ইয়াৰ উপৰি প্ৰ’টিনৰ লগতে শৰীৰৰ আন উপকাৰী উপাদান পোৱা যায় মিছামাছত৷ ভিটামিন-ডিৰ অভাৱহ ভোগাসকলে মিছামাছ খালে সুফল পোৱ যায়৷
কণীৰ কুহুম স্বাস্থ্যৰক্ষাত অত্যন্ত জৰুৰী৷ ইয়াত বিভিন্ন প্ৰকাৰৰ ভিটামিনৰ লগতে খনিজ আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ ভিটামিন-ডিৰে ভৰপূৰ কণীৰ কুহুম খালে হাড়ৰ গঠন মজবুত হোৱাৰ লগতে শৰীৰৰ বিভিন্ন উপকাৰত সহায় কৰে৷
কিছুমান খাদ্য যেনে– দাইল, ওটচ, ডালিয়া, আটা আদিত ভিটামিন-ডি পোৱা যায়৷ এইবোৰ খাদ্য গ্ৰহণ কৰাৰ ফলত শৰীৰে ভিটামিন-ডি লাভ কৰে৷ ফলত ভিটামিন-ডিৰ অভাৱজনিত ৰোগসমূহৰ পৰা হাত সাৰিব পাৰি৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...