তিনি কোটি টকাৰ নিচাযুক্ত য়াবা টেবলেট জব্দ : ক’ত ?

0
308

কাৰ্বি আংলং জিলাৰ মাজেৰে সৰবৰাহ হৈ থকা মাৰাত্মক নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত থকাৰ সময়তে জিলাখনৰ বকলীয়াঘাটত আৰক্ষীয়ে তালাচী চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে এখন ট্ৰাকসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে৷ ঘটনাৰ বিৱৰণ অনুসৰি জিলাখনৰ মাজেৰে বৃহৎ পৰিমাণৰ ড্ৰাগ্‌ছ সৰবৰাহৰ তথ্য আগতীয়াকৈ আৰক্ষীয়ে লাভ কৰাৰ পিছতে বকলীয়াঘাটত আৰক্ষীয়ে বিশেষ তালাচী অভিযান আৰম্ভ কৰে৷ অৱশেষত বকলীয়াঘাট থানাৰ অন্তৰ্গত পাট্ৰাদিছা নামৰ ঠাইত ৰখাই থোৱা অৱস্থাত এ এছ-০১-এম চি-৩২৭৭ নম্বৰৰ দহচকীয়া ট্ৰাকখনত তালাচী চলাই আৰক্ষীয়ে ট্ৰাকখনৰ এয়াৰ ফিল্টাৰ
ত লুকুৱাই অনা অৱস্থাত ১৪৯টা পেকেটত মুঠ ২৯,৮০০ নিচাযুক্ত য়াবা টেবলেট জব্দ কৰে৷ জব্দ হোৱা নিচাযুক্ত টেবলেটখিনিৰ আন্তঃৰাষ্ট্ৰীয়
 বজাৰ মূল্য কমেও তিনি কোটি টকা হ’ব বুলি জানিব পৰা গৈছে৷ জব্দ হোৱা টেবলেটখিনি মণিপুৰৰ পৰা গুৱাহাটীলৈ নি থকা হৈছিল৷ আৰক্ষীয়ে ড্ৰাগ্‌ছ সৰবৰাহ কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে সৰবৰাহকাৰী ট্ৰাকখনৰ চালক-হেণ্ডিমেন ক্ৰমে ঐনাম মেইটেই আৰু ঐনাম নানাও মেইটেইক গ্ৰেপ্তাৰ কৰে৷ দুয়োটা সৰবৰাহকাৰীৰ ঘৰ মণিপুৰত৷ কাৰ্বি আংলং জিলা আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত তথা প্ৰৱেশ্যনেৰী উপ-পৰিদৰ্শক হিমন্ত কিশোৰ দত্ত, সহকাৰী উপ-পৰিদৰ্শক বুধিৰাম বৰা আৰু জগদীশ ডেকাৰ সহযোগত আৰক্ষীৰ এটা দলে উক্ত অভিযান চলায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here