আলুৰ বাকলিত লুকাই আছে একাধিক উপকাৰী গুণ

0
261

খাদ্য হিচাপে গ্ৰহণ কৰাৰ সময়ত আলুক বীজটোৰ পৰা বাকলি গুচাই দিহে ব্যঞ্জন হিচাপে ব্যৱহাৰ কৰোঁ৷ প্ৰায়ভাগ লোকেই আলুৰ বাকলি পেলাইহে গ্ৰহণ কৰা দেখা যায়৷ কিন্তু আমি হয়তো জ্ঞাত নহয় যে আলুৰ বাকলিতো যথেষ্ট খাদ্যগুণ আছে, যাৰ জৰিয়তে শৰীৰৰ উপকাৰ হয়৷ আপুনিও আজিৰ পৰা আলুৰ বাকলি পেলাই নিদিব৷ সেয়েহে জানো আহক আলুৰ বাকলিত কি উপকাৰী গুণ আছে৷ আমি জানো যে বৃদ্ধ বয়সত আমাৰ হাড় ক্ষতপ্ৰায় হ’বলৈ ধৰে৷ এই সময়ত যদি আলু বাকলিসহিতে সিদ্ধ কৰি খোৱা হয়, তেন্তে হাড় ক্ষয় ৰোধ কৰিব পৰা যায়৷ কিয়নো আলুৰ বাকলিত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায়, যিয়ে হাড় মজবুত কৰাত সহায় কৰে৷
আলুৰ বাকলিত প্ৰচুৰ পৰিমাণে পটাচিয়াম, মেগনেচিয়াম পোৱা যায়৷ যিয়ে হাৰ্ট সুস্থ ৰখাত সহায় কৰে৷ আপুনি যদি আলুৰ বাকলি নিয়মিতভাৱে গ্ৰহণ কৰে, তেন্তে হাৰ্টৰ সমস্যাৰ পৰা সকাহ পাব পাৰে৷
গৱেষণাৰ পৰা পোৱা মতে আলুৰ বাকলিয়ে কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে৷ আলুত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে৷ এই এণ্টিঅক্সিডেণ্টে কেঞ্চাৰৰ বীজাণু শৰীৰত প্ৰৱেশত বাধাৰ সৃষ্টি কৰে৷ লগতে শৰীৰৰ অভ্যন্তৰক সুৰক্ষা প্ৰদান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here