Home Daily news উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক প্ৰদান অভিযানৰ উদ্বোধন স্বাস্থ্য মন্ত্ৰীৰ

উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক প্ৰদান অভিযানৰ উদ্বোধন স্বাস্থ্য মন্ত্ৰীৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই মৰিগাঁও জিলাৰ ভূৰবন্ধা এম ভি স্কুলত উপস্থিত হৈ উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক প্ৰদান অভিযানৰ ৰাজ্যিক কাৰ্যসূচী উদ্বোধন কৰে৷ উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক প্ৰদান অভিযানৰ ৰাজ্যিক কাৰ্যসূচী শুভ উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰীজনে উল্লেখ কৰে যে ২০১৪ চনতে ভাৰতবৰ্ষ পলিঅ’মুক্ত হ’ল  যদিও কিছুমান দেশত পলিঅ’ এতিয়াও আছে আৰু সেই দেশসমূহৰ পৰা আমাৰ দেশত পলিঅ’ৰ পুনৰ সংক্ৰমণ হ’ব পাৰে, সেয়েহে প্ৰতিটো শিশুৰ সুৰক্ষাৰ বাবে অসমৰ ১৯খন জিলাত অভিযান হিচাপে ২৬ লাখৰো অধিক পলিঅ’ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু অন্যান্য জিলাসমূহতো নিয়মিত এই কাৰ্যসূচী চলি আছে৷ মন্ত্ৰীজনে  অনুষ্ঠানত নিজ হাতেৰে শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদান কৰে আৰু ৰাইজক এই পলিঅ’ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহবান জনায়৷ উক্ত অনুষ্ঠানত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, ৰাজ্যিক স্বাস্থ্য সঞ্চালক কমলজিৎ তালুকদাৰ, জিলাৰ উপায়ুক্ত দেৱাশিস শৰ্মা, ৰাজ্যিক স্বাস্থ্য বিভাগ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াসকল, অতিৰিক্ত উপায়ুক্ত অৰুন্ধতী নৰহ মিপুন, মৰিগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হৃদয় কুমাৰ দাস, ভূৰবন্ধা পঞ্চায়তৰ সভানেত্ৰী আৰু বিষয়া-কৰ্মচাৰীসকল, জিলা স্বাস্থ্য বিভাগৰ বিষয়া- কৰ্মচাৰীসকল, শিশুসহ মাতৃসকল, আশা আৰু অংগনৱাড়ী কৰ্মীসকলো উপস্থিত থাকে৷

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...