ৰাজ্যৰ ৫২ লাখ পৰিয়ালে লাভ কৰিব স্বাস্থ্য বীমা কাৰ্ড

0
189

ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত আয়েজিত বিশাল জনসভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে৷ ৰাজ্যখনত শীঘ্ৰেই আৰু দহ লাখ দুখীয়া পৰিয়ালক ৰেছন কাৰ্ড প্ৰদান কৰা হ’ব আৰু ইয়াকে ধৰি ৰাজ্যত মুঠ ৫২ লাখ পৰিয়ালে ৰেছন কাৰ্ড লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ ইয়াৰ লগতে তেওঁ সদৰী কৰে যে এই ৫২ লাখ পৰিয়ালক প্ত লাখ টকাৰ স্বাস্থ্য বীমা আঁচনি কাৰ্ড প্ৰদান কৰা হ’ব৷ 
এই কাৰ্ডৰ জৰিয়তে এইসকল দুখীয়া পৰিয়ালে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন চিকিৎসালয়ত বছৰি পাঁচ লাখ টকাপৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব৷ অৱশ্যে ইয়াৰ লগতে আয়ুষ্মান কাৰ্ড থকাসকলে অতিৰিক্ত স্বাস্থ্য বীমাৰ সুবিধাও লাভ কৰিব৷ এই খবৰে ৰাজ্যৰ দুখীয়া শ্ৰেণীৰ লোকসকলৰ মাজত আনন্দৰ সৃষ্টি কৰিছে৷ কিয়নো লাখ লাখ টকা খবৰ কৰি দুখীয়া পৰিয়াল এটাৰ চিকিৎসা প্ৰদানৰ কৰা সামৰ্থ্য নাথাকে৷ তেওঁলোকে দিন হাজিৰা বা আনৰ ঘৰত কাম কৰি ভাতসাঁজৰ চিন্তাহে কৰিবলগীয়া হয়৷ এইশ্ৰেণীৰ লোকৰ চিকিৎসাত টকা ব্যয় কৰিবলৈ সক্ষম নহয়৷ সেয়ে মুখ্যমন্ত্ৰীৰ এই ঘোষণাই দুখীয়া শ্ৰেণীৰ লোকৰ যথেষ্ট সকাহ দিয়া পৰিলক্ষিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here