Home Daily news উদ্বেগজনক ! বহিঃৰাজ্যত অসমৰ যুৱতী, মহিলাক বিক্ৰী

উদ্বেগজনক ! বহিঃৰাজ্যত অসমৰ যুৱতী, মহিলাক বিক্ৰী

বৰপেটাত সক্ৰিয় হৈ থকা বৃহৎ নাৰী সৰবৰাহকাৰী গেং এটাৰ কেইবাগৰাকী সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ অসমৰ পৰা নাৰী অপহৰণ কৰি বহিঃৰাজ্যত বিক্ৰী কৰা এগৰাকী মহিলাসহ জ্ঝ নাৰী সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিন্‌হাই জনোৱা মতে, ধৃত নাৰী সৰবৰাহকাৰীকেইটা হ’ল আলেকা বেগম, আখেৰ আলী ওৰফে ৰাহুল, নুৰ মহম্মদ ওৰফে ৰাহুল,  আনোৱাৰ হুছেইন ওৰফে ৰাহুল, ছাদ্দাম হুছেইন, আশ্ৰাফুল আলম, আজাদ হুছেইন, দেলবৰ হুছেইন আৰু জয়নুৰ আলী৷ বৰপেটা আৰক্ষীৰ এটা দলে হাৰিয়ানাত গৈ হাৰিয়ানা আৰক্ষীৰ সহযোগত অভিযান চলাই নাৰী অপহৰণকাৰী গেংটোক গ্ৰেপ্তাৰ কৰে বুলি তেওঁ জনায়৷ আৰক্ষী অধীক্ষকে জনোৱা মতে আৰক্ষীয়ে বৰপেটা আৰু নলবাৰী জিলাৰ বিভিন্ন স্থানত অভিযান চলাই নাৰী সৰবৰাহকাৰীকেইটাক গ্ৰেপ্তাৰ কৰে৷ নাৰী অপহৰণকাৰীসকলৰ কেইবাজনে নিজকে ৰাহুল বুলি পৰিচয় দি একাংশ যুৱতীৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল৷ ইয়াৰ পিছত নাৰী সৰবৰাহকাৰী গেংটোৰ সদস্যকেইজনে যুৱতীসকলক প্ৰেমৰ জালত পেলাই গুৱাহাটীলৈ লৈ যায় আৰু তাৰ পৰা ৰে’লযোগে হাৰিয়ানালৈ প্ৰেৰণ কৰে৷ হাৰিয়ানাত একোজনী যুৱতীক ডেৰ-দুই লাখৰ পৰা তিনি লাখ টকাত বিক্ৰী কৰিছিল চক্ৰটোৱে৷ অপহৃত যুৱতীসকলক পিংকী, পূজা আৰু প্ৰিয়ংকা নামেৰে হিন্দু যুৱতী বুলি পৰিচয় দি হাৰিয়ানাত একাংশ বিবাহযোগ্য লোকৰ ওচৰত বিক্ৰী কৰিছিল৷ আৰক্ষীয়ে হাৰিয়ানাত বিক্ৰী কৰা বৰপেটা আৰু মঙলদৈৰ দুগৰাকী যুৱতীকো উদ্ধাৰ কৰে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...