Home Diet Plus উচ্চৰক্তচাপজনিত ৰোগীৰ খাদ্যাভ্যাস আৰু জীৱনশৈলী...

উচ্চৰক্তচাপজনিত ৰোগীৰ খাদ্যাভ্যাস আৰু জীৱনশৈলী…

ডা° ইন্দুভূষণ শৰ্মা

১) ৰোগীয়ে খাদ্যত তেল, ঘী, বনস্পতি ঘী  বা অন্য স্নেহজাতীয় খাদ্য যেনে ৰেডমিট (চাৰিঠেঙীয়া জন্তুৰ মাংস যেনে ছাগলী, গাহৰী, গৰুৰ মাংস ) ,গাখীৰ বা গাখীৰৰ পৰা উৎপাদিত খাদ্য (যেনে চীজ বাটাৰ, ক্ৰীম), পেকেট বা বটলৰ খাদ্য বা পানীয় (যেনে চিপছ, কুৰকুৰে, নডুলছ, চছ, আচাৰ, কল্ডড্ৰিংকছ), ফাষ্টফুড আদি কমকৈ খোৱা উচিত বা খোৱা বাদ দিব পাৰিলে ভাল৷ অৱশ্যে সেউজীয়া শাক পাচলি, ফল মূল, মাঁহজাতীয় শস্য (মটৰ, বীন আদি), আঁহজাতীয় খাদ্য, শুকান ফল (বাদাম, এলমণ্ড), লীন ফেট থকা মাছ, মাংস (যেনে- ছালৰহিত চিকেন ), স্কীমড মিল্ক (চৰ্বিৰহিত গাখীৰ ) আদি হিতকাৰী ৷

২) খাদ্যত নিমখৰ পৰিমাণ হ্ৰাস কৰিব লাগে ৷ বিশ্ব স্বাস্হ্য সংস্হাৰ মতে দৈনিক ৫ গ্ৰাম (এচামুছ) নিমখতকৈ বেছি খাব নালাগে ৷

  ৩) চিগাৰেট, বিড়ি, তামোল, ধপাত, গুটখা সেৱন আৰু মদ্যপান ত্যাগ কৰা উচিত ৷

৪) মেদবহুল ৰোগীয়ে শৰীৰৰ ওজন হ্ৰাস কৰা অত্যন্ত জৰুৰী ৷ তাৰবাবে খাদ্য নিয়ন্ত্ৰণৰ লগতে শাৰীৰিক ব্যায়ামো যথেষ্ট প্ৰয়োজন ৷

৫) উচ্চৰক্তচাপৰ ৰোগীয়ে দৈনিক কমেও আধাঘণ্টা সৰু সৰু বা মজলীয়া ধৰণৰ ব্যায়াম কৰাটো আৱশ্যক ৷ খোজকঢ়া বা যোগাভ্যাস যথেষ্ট উপকাৰী ৷

৬) চিন্তা, শোক, উদ্দীগ্নতা আদি পৰিহাৰ কৰিব লাগে ৷

৭) সদায় ভাল টোপনিৰ আৱশ্যক৷ নিতৌ  ৮ ঘণ্টা ভাল টোপনি হ’ব লাগে ৷ নিদ্ৰাহীনতাৰ ফলত ৰক্তচাপ বৃদ্ধি পায় ৷

৮) উচ্চৰক্তচাপত কিছুমান যোগাসন অধিক ফলপ্ৰসূ ৷ বিশেষকৈ প্ৰাণায়ম , শৱাসন নিয়মিত কৰিব লাগে ৷

৯) উচ্চৰক্তচাপৰ কাৰণসমূহ নিৰ্ধাৰণ কৰি চিকিৎসা কৰাটো প্ৰয়োজন৷ ৰক্তচাপৰ নিয়মিত জোখ ল’ব লাগে। ৰক্তচাপ  হ’লে ৰক্তচাপ নিয়ন্ত্ৰন কৰা দৰৱ লোৱাটো জৰুৰী ৷ ইয়াৰ বাবে খাদ্যভ্যাস আৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰাটো বাধ্যতামূলক ৷

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...