ক’ৰোনা সংক্ৰান্তীয় ডাঙৰ খবৰ।

0
1977

বিগত ২০১৯ বৰ্ষৰ নৱেম্বৰ-ডিচেম্বৰ মাহত চীনদেশৰ হুৱেই প্ৰদেশৰ য়ুহান চহৰৰ পৰা বিশ্বব্যাপ্ত ক’ৰোনা ভাইৰাচে লক্ষাধিক লোকৰ প্ৰাণ কাঢ়ি এক  আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষনা, ল’ক-আউট, ল’কডাউন, জৰুৰীকালীন অৱস্থাৰ ঘোষনাই সমগ্ৰ বিশ্ব যেন স্তব্ধ কৰি পেলাইছে। উত্তৰে কাশ্মীৰৰ পৰা দক্ষিণে কন্যাকুমাৰী আৰু পূৱে ইটানগৰৰ পৰা পশ্চিমে গান্ধীনগৰলৈ বিস্তৃত ১৩০,৭০,১৫,২৪৭ লোকেৰে পৰিবেষ্টিত পৃথিৱীৰ বৃহত্তম গনতান্ত্ৰিক ৰাষ্ট্ৰ আমাৰ দেশ ভাৰতবৰ্ষত জনবসতিৰ ঘনত্ব যঠেষ্ট বেছি হোৱা বাবে ক’ৰোনা সংক্ৰমণ প্ৰতিৰোধৰ অৰ্থে চৰকাৰে Track, Test & Treat কাৰ্যসূচী গ্ৰহণ কৰিছে। কিন্তু শ্লেষ্মা বা শ্বাৱ সংগ্ৰহৰ পৰা চিকিৎসালৈ এই গোটেই প্ৰক্ৰিয়াটোত বহুতো মানৱ সম্পদ আৰু যঠেষ্ট অৰ্থসম্পদৰ দৰকাৰ হয়। ভাৰতৰ দৰে জনবহুল দেশত এই খৰচ আৰু বেছি। জাৰ্মানীত কৰা এক গৱেষণামূলক অধ্যয়নত কিন্তু এই সময়তেই এটা ভাল খবৰ আহিছে। দিল্লীস্থিত আই চি এম আৰে এইমছ, নতুন দিল্লীৰ অধীনস্থ এক চিকিৎসালয়ত কৰা অধ্যয়নতো একেই সত্য পোহৰলৈ আহিছে যে পানীৰে কৱল বা কূলি বা গাৰ্গল (Gurgle lavage & Swab) কৰি বাহিৰ কৰি দিয়া শ্লেষ্মা বা উচ্ছিষ্টতো ক’ৰোনা ৰোগৰ বীজানু SARS-CoV2 একে পৰিমাণেই সমগাঢ়তাতেই ধৰা পৰে, যি পৰিমাণে প্ৰত্যক্ষভাৱে সংগৃহীত থ্ৰ’ট শ্বাৱ বা কণ্ঠ শ্লেষ্মা আৰু নেজেল শ্বাৱত ধৰা পৰে। ৭২ গৰাকী ক’ৰোনা প’জিটিভ লোকৰ পৰা এই বিকল্প পদ্ধতিৰে সংগ্ৰহ কৰা নমুনাত একেই ফলাফল পোৱা গৈছে। ভাৰতৰ দৰে এখন বিশাল দেশত এই পদ্ধতি ফলপ্ৰসূ হ’লেই ক’ৰোনাৰোগৰ প্ৰতিৰোধত বৃহৎ তফাৎ আহি পৰিব বুলি আই চি এম আৰে আশা কৰিছে। ২২৫ গৰাকী লোকৰ পৰা পৰম্পৰাগত পদ্ধতিৰে নমুনা সংগ্ৰহৰ বাবদ খৰচ হোৱা ২০০ গৰাকী স্বাস্থ্যকৰ্মী আৰু ২৫ যোৰ পিপিই কিট্ এই পদ্ধতিত ৰাহি হৈছে বুলি এটা জৰীপত প্ৰকাশ পাইছে। নমুনা সংগ্ৰহৰ পৰম্পৰাগত পদ্ধতিৰ সমানেই ফলপ্ৰসূ এই পদ্ধতি সত্য প্ৰমাণিত হৈ চৰকাৰী অনুমোদন লাভ কৰিলেই প্ৰতিগৰাকী লোকেই সাধাৰণ পানীৰে গাৰ্গল কৰি নিজেই নিজৰ নমুনা সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ ফলত স্বাস্থ্যকৰ্মীৰ ওপৰত নমুনা সংগ্ৰহৰ চাপ শূন্যপ্ৰায় হ’ব, কষ্ট লাঘৱ হ’ব, সময় ৰাহি হ’ব, নমুনা সংগ্ৰহৰ সময়ত স্বাস্থ্যকৰ্মীয়ে পৰিধান কৰিব লগা পি পি ই কিট্ বা অন্য সা-সৰঞ্জামৰ নামত হোৱা খৰচ ৰাহি হ’ব, বাহনৰ ইন্ধন ৰাহি হ’ব, যিয়ে আৰ্থিক অপচয় ৰোধ কৰিব, নমুনা সংগ্ৰহৰ সময়ত স্বাস্থ্যকৰ্মী সংক্ৰমিত হোৱাৰ হাৰ কমি যাব।

গতিকে অদুৰ ভৱিষ্যতে  ই ফলপ্ৰসূ পদ্ধতিৰূপে পৰিগনিত হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here