কৰ’নাই বঢ়ালে গৰ্ভধাৰনৰ সংখ্যা।

0
6511

লকডাউনত অবাঞ্ছিত মাতৃত্ব অগনন মহিলাৰ। মেৰী ষ্ট’পছ্ ইণ্টাৰনেচনেল নামৰ আন্তৰ্জাতিক সংস্থাটোৰ গৱেষনাত এই তথ্য পোহৰলৈ আহিছে। ভাৰত, দক্ষিণ আফ্ৰিকাকে ধৰি ১১৪ খন দেশত কৰা জৰীপত এই কথা জানিব পৰা গৈছে। মেৰী ষ্ট’পছ্ ইণ্টাৰনেচনেলে দাঙি ধৰা প্ৰতিৱেদন অনুসৰি কৰ’নাক্ৰান্ত কালত চৰকাৰীভাৱে ঘোষিত লকডাউনৰ বাবে পৃথিৱীৰ ১১৪ খন দেশৰ ১২ ৰ পৰা ৫০ বছৰ বয়সৰ ১৯ লাখ মহিলাই গৰ্ভনিৰোধকৰ অভাৱত অবাঞ্ছিত মাতৃত্বৰ বোজা ল’ব লগা হৈছে বা পিছলৈ অসুৰক্ষিত গৰ্ভপাত কৰিবলগীয়া হৈছে। ইয়াৰ ভিতৰত ৩১০০ গৰাকীয়ে মৃত্যুক সাবটি ল’ব লগাত পৰে। অকল ভাৰততেই লকডাউনৰ সময়ত অবাঞ্ছিতভাৱে গৰ্ভধাৰণ কৰা মহিলাৰ সংখ্যা প্ৰায় ৪ লাখ। অৱশ্যে ভাৰতত ৯ লাখ ২ হেজাৰ মহিলাই গৰ্ভনিৰোধকৰ কোনো অভাৱ নোহোৱাকৈ ইয়াৰ ব্যৱহাৰৰ সুবিধা পোৱা বুলি সংস্থাটোৱে জনাইছে।

উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া তথ্য অনুসৰি প্ৰতিবছৰে ৫ ৰ পৰা ১২ শতাংশ মহিলা অবাঞ্ছিত গৰ্ভধাৰণ কৰাৰ পিছত অসুৰক্ষিত গৰ্ভপাত কৰি মৃত্যুমুখত পৰিব লগা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here