Home Diet Plus ইউৰিক এচিডৰ সমস্যা থাকিলেএইবোৰ খোৱাৰ পৰা বিৰত থাকক

ইউৰিক এচিডৰ সমস্যা থাকিলেএইবোৰ খোৱাৰ পৰা বিৰত থাকক

প্ৰয়োজনতকৈ অতিৰিক্ত প্ৰ’টিনজাতীয় খাদ্য খোৱাৰ ফলত তেজত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ে৷ ইয়াৰ ফলত ভৰিৰ বিষ, গোৰোহাত ফুটি উঠা আৰু অসহ্য বিষ অনুভৱ হোৱা, অস্থিসন্ধি ফুটি উঠা আৰু অসহ্যকৰ বিষোৱা আদিৰ দৰে লক্ষণে দেখা দিয়ে৷ ব্যস্ততাময় জীৱন, পৰিৱৰ্তিত খাদ্যাভ্যাস, আৰামপ্ৰিয় জীৱন, ভেজাল খাদ্য, মেদবহুলতা আদি অনেক কাৰণত ইউৰিক এচিডৰ সমস্যাই দেখা দিয়ে৷ সাধাৰণতে ইউৰিক এচিডৰ সমস্যা শীতকালত বেছিকৈ হোৱা পৰিলক্ষিত হয়৷ ইয়াৰ উপৰি এনে কিছু খাদ্য আছে, যিবোৰ খালে শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বাঢ়ি যায়৷ জানো আহক কি খাদ্য খোৱাৰ ফলত ইউৰিক এচিড বাঢ়িব পাৰে৷ চিকিৎসকে ইউৰিক এচিডৰ সমস্যা থাকিলে মদ্যপানৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে৷ শীতকালত এই নিষেধাজ্ঞা আৰু কঠোৰ হয়, কিয়নো শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট কমি যায়৷
ইউৰিক এচিডৰ সমস্যা থাকিলে ৰেড মিট, উচ্ছ ফেটযুক্ত খাদ্য, দুগ্ধজাত সামগ্ৰী আদি খোৱাৰ পৰা বিৰত থাকক৷
প্ৰতিদিনে খাদ্য তালিকাত প্ৰ’টিনযুক্ত খাদ্যৰ পৰিমাণ কমাই দিয়ক৷ সামুদ্ৰিক মাছ, মুৰ্গীৰ মাংস আদি কম খোৱাৰ সমান্তৰাভাৱে ফল, সেউজীয়া শাক-পাচলি আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক৷
টকজাতীয় খাদ্য যেনে, বিলাহীৰ টক, তেঁতেলীৰ টক আগিয়ে ইউৰিক এচিডৰ মাত্ৰা বঢ়াই দিয়ে৷ সেয়েহে এইধৰণৰ বস্তু কমাই খাওক৷ ইয়াৰ পৰিৱৰ্তে ভিটামিন-চি সমৃদ্ধ খাদ্য, টেঙা ফল-মূল আদি সৰহকৈ খোৱাৰ অভ্যাস কৰক ৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,