সুখবৰ : চলিত বৰ্ষত দেশত আৰম্ভ হ’ব হাইড্ৰজেন ৰে’ল

0
172

কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ প্ৰযুক্তি ক্ষেত্ৰখনত যথেষ্ট প্ৰসাৰ তথা সংবৰ্ধন ঘটোৱাৰ চেষ্টা অব্যাহত ৰাখিছে৷ ইয়াৰ অংশ হিচাপে বিভিন্ন ক্ষেত্ৰত সুদূৰপ্ৰসাৰী চিন্তা-চৰ্চা আৰম্ভ কৰিছে৷ দেশত তথ্য-প্ৰযুক্তিক অধিক উন্নত তথা প্ৰসাৰিত কৰিবলৈ ৰে’ল বিভাগে হাইড্ৰজেন ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ চলিত বৰ্ষতে ৰে’ল মন্ত্ৰ্যালয়ে দেশত হাইড্ৰজেন ৰে’ল চলোৱাৰ বাবে স্থিৰ কৰিছে৷  উল্লেখ্য যে ভাৰতীয় ৰে’ল বিভাগে সদায়েই প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ ইয়াৰ অংশ হিচাপে এই সিদ্ধান্ত লোৱ বুলি সদৰী কৰিছে৷ ৰে’ল বিভাগে দেশত প্ৰচলন হৈ থকা ডিজেলচালিত ইঞ্জিনৰ পৰিৱৰ্তে দেশীয় প্ৰযুক্তিৰে তৈয়াৰী হাইড্ৰজেন ৰে’ল চলোৱাৰ বাবে প্ৰস্তুত হৈছে কেন্দ্ৰীয় চৰকাৰ৷সেই অনুসৰি চলিত বছৰত হাৰিয়ানাৰ সোণপটৰ পৰা জিন্দলৈ প্ৰথম ৮৯ কিলোমিটাৰ পথত হাইড্ৰজেন ৰে’ল চলোৱাৰ কথা ঘোষণা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here