Home Daily news আৰম্ভ হ’ল ক’ভিডৰ তৃতীয় পালি ভেক্‌চিন প্ৰদানৰ অভিযান

আৰম্ভ হ’ল ক’ভিডৰ তৃতীয় পালি ভেক্‌চিন প্ৰদানৰ অভিযান

অসমত আৰম্ভ হ’ল ১৮ বছৰৰ ঊৰ্ধ্বৰ সকলো যোগ্য লোককে বিনামূলীয়াকৈ ক’ভিড প্ৰতিষেধকৰ সুৰক্ষামূলক তৃতীয় পালি প্ৰদানৰ অভিযান৷ অসমত ‘ক’ভিড টিকাকৰণৰ অমৃত মহোৎসৱ’ যোৱা ১৫ জুলাইত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই৷ কামৰূপ জিলাৰ আজাৰা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আয়োজিত এক অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰীজনে ১৮ বছৰৰ পৰা ৫৯ বছৰ বয়স সীমাৰ যোগ্য লোকসকলৰ বাবেও সম্পূৰ্ণ বিনামূলীয়াকৈ ক’ভিডৰ তৃতীয় পালি প্ৰতিষেধক উপলব্ধ হোৱাকৈ এই বিশেষ ক’ভিড টিকাকৰণ অভিযান মুকলি কৰে৷ 
উল্লেখ্য যে ইতিমধ্যে ৬০ বছৰৰ ঊৰ্ধবৰ লোকসকলৰ বাবেহে বিনামূলীয়াকৈ এই সুৰক্ষামূলক তৃতীয় পালি ক’ভিড প্ৰতিষেধক উপলব্ধ কৰা হৈছিল যদিও কেন্দ্ৰীয় চৰকাৰে ১৮ বছৰৰ ওপৰৰ সকলোৰে বাবে তৃতীয় পালি ক’ভিড প্ৰতিষেধক বিনামূলীয়াকৈ আগবঢ়াবলৈ আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰে৷ এই উদ্দেশ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি ১৫ জুলাইৰ পৰা অহা ৩০ ছেপ্টেম্বৰলৈকে ক’ভিড টিকাকৰণৰ অমৃত মহোৎসৱ শীৰ্ষক এই বিশেষ ক’ভিড টিকাকৰণ কাৰ্যসূচী ঘোষণা কৰে৷ 
৭৫ দিনীয়া বিশেষ টিকাকৰণ অভিযানৰ অধীনত অসমৰ প্ৰতিখন জিলাতে সকলো চৰকাৰী চিকিৎসালয় তথা ক’ভিড টিকাকৰণ কেন্দ্ৰত ১৮ বছৰৰ ওপৰৰ যোগ্য লোকসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ ক’ভিডৰ তৃতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হ’ব৷ এই অনুষ্ঠানত পশ্চিম গুৱাহাটীৰ বিধায়ক তথা এমট্ৰনৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কামৰূপৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন, স্বাস্থ্যসেৱা সঞ্চালক [পৰিয়াল কল্যাণ] কমলজিৎ তালুকদাৰ, এন এইচ এমৰ কাৰ্যবাহী সঞ্চালক তথা অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰী, কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গুণীন্দ্ৰ নাথ দেৱশৰ্মা আৰু আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা ইংতিয়েও অংশগ্ৰহণ কৰে৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,