নাছাৰ সাফল্য : বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বাধিক গভীৰতাৰ ছবি

0
238

আমেৰিকাৰ মহাকাশ সংস্থা নাছাই জেমছ ৱেব টেলিস্ক’পৰ পৰা পোৱা প্ৰথম ছবি প্ৰকাশ কৰিছে৷ এইখন হৈছে সকলোতকৈ হাই ৰিজলিউশ্যন থকা বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথম ৰঙীন ফটো৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে হোৱাইট হাউছত সংবাদমেলত এই বিষয়ে জনায়৷ তেওঁ কয় যে এয়া হৈছে বিশ্বব্ৰহ্মাণ্ডৰ গভীৰ, আটাইতকৈ ‘শ্বাপ’ৰ্ ইনফ্ৰাৰেড দৃশ্য৷ নাছাৰ মুৰব্বী বিল নেলছনে কয় যে আমি ১৩ বিলিয়ন বছৰৰ পিছলৈ উভতি চাইছোঁ৷ 
এই পোহৰৰ যি কণাবোৰ আমি দেখা পাইছোঁ সেইবোৰ ১৩ বিলিয়ন বছৰৰ আগৰ পৰা যাত্ৰা কৰি আছে৷ এই ছবিত দেখা পোৱা পোহৰ বিগ বেঙৰ [১৩.৮ বিলিয়ন বছৰৰ আগৰ] বৰ বেছি পাছৰ নহয়৷ উল্লেখ্য যে বিশ্বৰ বৃহত্তম আৰু আটাইতকৈ ক্ষমতাশালী এই মহাকাশ টেলিস্ক’প যোৱা বছৰ ডিচেম্বৰত দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিনিৰ পৰা উৎক্ষেপণ কৰা হৈছিল৷ এই টেলিস্ক’পটোৱে অন্য গ্ৰহত জীৱ আছে নে নাই, তাৰো সন্ধান কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here