Home Daily news ‘আসক্তিৰ ঔষধ’ বিভাগৰ নতুন শাখা মুকলি : ক’ত ?

‘আসক্তিৰ ঔষধ’ বিভাগৰ নতুন শাখা মুকলি : ক’ত ?

তেজপুৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত ‘ড্ৰাগ্‌ছৰ অপব্যৱহাৰ-অবৈধ সৰবৰাহ বিৰোধ আৰু আফিঙৰ ক্ৰিয়া প্ৰেৰক চিকিৎসা সেৱা উদ্‌ঘাটন’ ৰাষ্ট্ৰীয় শীৰ্ষক বিষয়ৰ লগত সংগতি ৰাখি ‘আসক্তিৰ ঔষধ’ বিভাগৰ অধীনত এটা নতুন শাখা মুকলি কৰা হয়৷ 
উক্ত শাখা আনুষ্ঠানিকভাৱে মুকলি কৰি মুখ্য অতিথি তথা শোণিতপুৰ জিলাৰ ছেছন ন্যায়াধীশ তথা জিলা আইনী সেৱা প্ৰাধিকাৰীৰ  সভাপতি  চি বি গগৈয়ে ড্ৰাগ্‌ছ সম্পৰ্কীয় বহু তথ্য দাঙি ধৰে লগতে বিভিন্ন অনুষ্ঠান, স্বেচ্ছাসেৱী অনুষ্ঠান আদিৰ সক্ৰিয় সহযোগিতা কামনা কৰে৷ 
অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই বিভিন্ন প্ৰকাৰৰ অপকাৰিতাৰ লগতে ড্ৰাগ্‌ছ সৰবৰাহৰ পথ সম্পৰ্কত ম্যানমাৰ আদিৰ কথা তথ্য সহকাৰে অৱগত কৰে৷ উপায়ুক্তগৰাকীয়ে ২০ বছৰৰ তলৰ ল’ৰা-ছোৱালীক অভিভাৱকে যে বিশেষ চকু দিব লাগে বুলিও মন্তব্য কৰে৷  তেওঁ এই প্ৰতিষ্ঠানৰ লগত যৌথ উদ্যোগত বিভিন্ন কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰে৷ প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ শৈলেন্দ্ৰ কুমাৰ দেউৰীয়ে সমাজৰ সকলো স্তৰৰ লোকৰ এই বিষয়ত আগবাঢ়ি আহিবলৈ আহবান জনায়৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...