অসম আৰক্ষীৰ বিশেষ শাখাত হেপাটাইটিছৰ সজাগতা কাৰ্যসূচী

0
1113

নৰ্থ-ইষ্ট লিভাৰ ফাউণ্ডেশ্যন ছ’চাইটিয়ে অসম আৰক্ষী পত্নী কল্যাণ সংস্থাৰ  সহযোগত  কাহিলিপাৰাৰ বিশেষ শাখা, অসম আৰক্ষী [হেড কোৱাৰ্টাৰ]ত লিভাৰ ফাইব্ৰো স্কেন শিবিৰ আৰু হেপাটাইটিছ সজাগতা কাৰ্যসূচী [হেপাটাইটিছমুক্ত পৃথিৱীৰ বাবে পদক্ষেপ] আয়োজন কৰে৷ এই শিবিৰটো হেপাটোলজিৰ জ্যেষ্ঠ পৰামৰ্শদাতা আৰু নৰ্থ-ইষ্ট লিভাৰ ফাউণ্ডেশ্যন ছ’চাইটিৰ সভাপতি ড॰ অমিতাভ শৰ্মাৰ নেতৃত্বত পৰিচালনা কৰা হয়৷ 
শিবিৰটো উদ্বোধন কৰে এ পি ডব্লিউ এৰ সভাপতি স্বপ্নালী মহন্ত আৰু এ ডি জি পি [এছ বি]ৰ হীৰেন চন্দ্ৰ নাথে৷ এই অনুষ্ঠানত অসম আৰক্ষীৰ ২০০-ৰো অধিক কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু শিবিৰত ধৰা পৰা যকৃত সম্পৰ্কীয় সমস্যা থকা বহু লোকৰ বাবে হেপাটাইটিছ  বি আৰু চি স্ক্ৰীনিং পৰীক্ষা কৰা হয়৷ উল্লেখ্য যে লিভাৰ ফাউণ্ডেশ্যন, পশ্চিম বংগৰ সহযোগত নৰ্থ-ইষ্ট লিভাৰ ফাউণ্ডেশ্যনৰ দ্বাৰা ‘হেপাটাইটিছ মুক্ত পৃথিৱীৰ বাবে ষ্টেপিং ষ্টোনছ’ প্ৰকল্পটোৰ অধীনত লোকসকলৰ মাজত হেপাটাইটিছ সজাগতাৰ ওপৰত এক চমু অধিৱেশনো অনুষ্ঠিত কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here