Home Daily news আশাদীপ আশ্ৰয়গৃহ ঃ কৰ্কট ৰোগীআৰু আত্মীয়লৈ আশাৰ বন্তি

আশাদীপ আশ্ৰয়গৃহ ঃ কৰ্কট ৰোগীআৰু আত্মীয়লৈ আশাৰ বন্তি


ভাৰতীয় শিশু কল্যাণ পৰিষদ, তেজপুৰ শাখাৰ সৌজন্যত তেজপুৰৰ মাজগাঁৱত চিকিৎসাধীন কৰ্কট ৰোগীৰ বাবে এটা ‘আশাদীপ আশ্ৰয়গৃহ’ মুকলি কৰা হয়৷ তেজপুৰৰ বিশিষ্ট সমাজসেৱিকা ডাঃ লক্ষ্মী গোস্বামীৰ চিন্তাৰ ফচল এই ‘আশাদীপ আশ্ৰয়গৃহ’৷ ১৯৮৪ৰ পৰা কৰ্কট ৰোগৰ লগত যুদ্ধ কৰি কৰ্কট ৰোগক পৰাস্ত কৰা তথা কৰ্কট ৰোগীসকলৰ আৰ্থিক অৱস্থা অনুধাৱন কৰা তেজপুৰৰ বিশিষ্ট সমাজসেৱিকা ডাঃ গোস্বামী কৰ্কট ৰোগীসকলৰ বাবে এক মনোবল আৰু আত্মবিশ্বাসৰ প্ৰতীক৷ এইগৰাকী বিদূষী মহিলাই তেজপুৰৰ কেইগৰাকীমান হৃদয়ৱান পুৰুষ আৰু মহিলাৰ সহযোগত ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ মাজগাঁৱৰ গৃহতে আৰম্ভ কৰে আশাদীপ আশ্ৰয়গৃহ৷ দূৰ দূৰণিৰ পৰা কৰ্কট ৰোগৰ চিকিৎসা গ্ৰহণৰ বাবে তেজপুৰ কেঞ্চাৰ চেণ্টাৰলৈ অহা ৰোগীৰ চিকিৎসাধীন অৱস্থাত ৰোগী আৰু এগৰাকী আত্মীয় বিনামূলীয়াকৈ থকা-মেলাৰ ব্যৱস্থা কৰা আশাদীপ আশ্ৰয়গৃহ আনুষ্ঠানিকভাৱে মুকলি কৰে দীপশিখা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সম্পাদক তথা মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশিস শৰ্মাৰ মাতৃ ৮৪ বছৰীয়া লীনা শৰ্মাই৷ তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া এছ সেনে বন্তি প্ৰজ্বলন কৰাৰ পাছতেই ডাঃ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশিস শৰ্মাই বক্তব্য আগবঢ়ায়৷ আৰম্ভণিতে ১১খন বিছনা চিকিৎসাধীন কেঞ্চাৰ ৰোগীৰ আৰু আন ১১খন আৰ্তজনৰ বাবে ব্যৱস্থা কৰা হৈছে৷ আশাদীপ আশ্ৰয়গৃহত পৰ্যায়ক্ৰমে বিছনাৰ সংখ্যা বৃদ্ধি পাব৷ ভাৰতীয় শিশু কল্যাণ পৰিষদৰ এনে জনহিতকৰ কামৰ বাবে ভাৰতীয় শিশু কল্যাণ পৰিষদলৈ দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৮৪ বছৰীয়া আনন্দ বৰুৱাই দুই লাখ টকাৰ চে’ক প্ৰদান কৰে৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,