ভৱিষ্যৎ বংশ ৰক্ষা কৰিবলৈকোনে কৰিছে শুক্ৰাণু সঞ্চয়

0
183


প্ৰায় এবছৰধৰি ৰাছিয়া আৰপ ইউক্ৰেইনৰ মাজৰ যুদ্ধ চলি আহিছে৷ এই যুদ্ধ দেশ দুখন ভয়াৱহভাৱে ক্ষতিৰ সন্মুখীন হৈ আহিছে৷ ধন জনকে ধৰি আৰ্থ-সামাজিক দিশত প্ৰভূত পৰিমাণে লোকচানৰ হৈছে দুয়োখন দেশৰে৷ এতিয়াও যুদ্ধৰ কোনো সমাধান সূত্ৰে নোলোৱালৈ চাই যুদ্ধ দীঘলীয়া সময়লৈ হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ বিশেষকৈ ইউক্ৰেইনৰ সৈন্যৰ যথেষ্ট হানি হৈছে৷ ৰাছিয়াৰ আক্ৰমণত দৈনিক হাজাৰ হাজাৰ ইউক্ৰেইনী সৈন্যই মৃত্যুক সাবটিবলগীয়া হৈছে৷ এই দিশটোলৈ লক্ষ্য ৰাখি ইউক্ৰেইন চৰকাৰে যুদ্ধত নিহত হোৱা সেনাৰ বংশবৃদ্ধি সুৰক্ষাৰ দিশটোলৈ চাই স্বদেশৰ সেনাসকলৰ মাজত শুক্ৰাণু জমা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ ইয়াৰ বাবে আনকি সৈন্যসকলৰ উৎসাহিত কৰাও পৰিলক্ষিত হৈছে৷ যুদ্ধত নিহত তথা পংগুত্ব হ’লে তেওঁলোকৰ বংশবৃদ্ধি যাতে অটুট থাকে, তালৈ চাই এই সিদ্ধান্ত গ্ৰহণ কৰিলে ইউক্ৰেইনৰ চৰকাৰে৷ উল্লেখ্য যে এই অভিযানৰ সেই দেশৰ সৈন্যসকলে পূৰ্ণ সহযোগ কৰিছে৷ জানিব পৰা মতে এইদৰে সংগ্ৰহ কৰা শুক্ৰাণু ২০ বছৰলৈ সক্ৰিয় হৈ থাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here