আমেৰিকাৰ ৩৮ বছৰ পুৰণি কৃত্ৰিমউপগ্ৰহই পৃথিৱীত খুন্দা মাৰিব

0
322


পৃথিৱীৰ তেজস্ক্ৰিয়শক্তি বাজেটৰ হিচাপৰ বাবে উৎক্ষেপণ কৰা প্ৰায় চাৰি দশকৰ পাছত মহাকাশৰ পৰা পৃথিৱীত খুন্দা মাৰিব আৰ্থ ৰেডিয়েশ্যন বাজেট ছেটেলাইটে [ই আৰ বি এছ]৷ ‘অৱসৰ পোৱা’ বা ম্যাদ ওকলা এই কৃত্ৰিম উপগ্ৰহটোৱে পৃথিৱীৰ বায়ুমণ্ডলত ৯ জানুৱাৰীৰ পুৱা পুনৰ প্ৰৱেশ কৰে৷ আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে আগজাননী দিছে যে এই কৃত্ৰিম উপগ্ৰহটোৱে সোমবাৰে ভাৰতীয় সময় পুৱা ৫.১০ বজাত বায়ুমণ্ডলত পুনৰ প্ৰৱেশ কৰিব৷ নাছাই আগজাননী দিছে যে কৃত্ৰিম উপগ্ৰহটোৱে পুনৰ প্ৰৱেশ কৰাৰ পাছত আকাশতে সম্পূৰ্ণ ভস্মীভূত হোৱাৰ আশা আছে৷ নাছাই এটা বিবৃতিত কয়, ‘[নাছাৰ] দলটোৱে আশা কৰিছে যে বায়ুমণ্ডলেদি আহি থাকোঁতেই উপগ্ৰহটো পুৰি শেষ হ’ব, কিন্তু কিছু উপাদান অটুট থাকিব৷ ইয়াৰ বাবে পৃথিৱীত কাৰোবাৰ হানি হোৱাৰ বিপদাশংকা অতি কম, প্ৰায় ৯,৪০০ ভাগৰ এভাগ৷ এই কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপণ কৰা হৈছিল ১৯৮৪ চনৰ ৫ অক্টোবৰত৷ এই উপগ্ৰহৰ তথ্যই আন্তঃৰাষ্ট্ৰীয় মণ্ট্ৰিয়ল প্ৰট’কল এগ্ৰিমেণ্ট ৰচনাত সহায় কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here