Home Fitness Plus আলুৰ বাকলিত লুকাই আছে একাধিক উপকাৰী গুণ

আলুৰ বাকলিত লুকাই আছে একাধিক উপকাৰী গুণ

খাদ্য হিচাপে গ্ৰহণ কৰাৰ সময়ত আলুক বীজটোৰ পৰা বাকলি গুচাই দিহে ব্যঞ্জন হিচাপে ব্যৱহাৰ কৰোঁ৷ প্ৰায়ভাগ লোকেই আলুৰ বাকলি পেলাইহে গ্ৰহণ কৰা দেখা যায়৷ কিন্তু আমি হয়তো জ্ঞাত নহয় যে আলুৰ বাকলিতো যথেষ্ট খাদ্যগুণ আছে, যাৰ জৰিয়তে শৰীৰৰ উপকাৰ হয়৷ আপুনিও আজিৰ পৰা আলুৰ বাকলি পেলাই নিদিব৷ সেয়েহে জানো আহক আলুৰ বাকলিত কি উপকাৰী গুণ আছে৷ আমি জানো যে বৃদ্ধ বয়সত আমাৰ হাড় ক্ষতপ্ৰায় হ’বলৈ ধৰে৷ এই সময়ত যদি আলু বাকলিসহিতে সিদ্ধ কৰি খোৱা হয়, তেন্তে হাড় ক্ষয় ৰোধ কৰিব পৰা যায়৷ কিয়নো আলুৰ বাকলিত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায়, যিয়ে হাড় মজবুত কৰাত সহায় কৰে৷
আলুৰ বাকলিত প্ৰচুৰ পৰিমাণে পটাচিয়াম, মেগনেচিয়াম পোৱা যায়৷ যিয়ে হাৰ্ট সুস্থ ৰখাত সহায় কৰে৷ আপুনি যদি আলুৰ বাকলি নিয়মিতভাৱে গ্ৰহণ কৰে, তেন্তে হাৰ্টৰ সমস্যাৰ পৰা সকাহ পাব পাৰে৷
গৱেষণাৰ পৰা পোৱা মতে আলুৰ বাকলিয়ে কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে৷ আলুত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে৷ এই এণ্টিঅক্সিডেণ্টে কেঞ্চাৰৰ বীজাণু শৰীৰত প্ৰৱেশত বাধাৰ সৃষ্টি কৰে৷ লগতে শৰীৰৰ অভ্যন্তৰক সুৰক্ষা প্ৰদান কৰে৷

Appreciation

Rated 5 out of 5
March 31, 2022

Very informative. Helpful for people irrespective of age, gender, education and to develop fundamental knowledge on various food and beverages around us.

H. Bharadwaj

very useful website

Rated 5 out of 5
November 6, 2021

For me, health is everything. Without a healthy body we cannot perform our level best. So, people, who are concern about their health, can visit this website regularly.

https://dibakarbordoloi.in

Strong information on health

Rated 5 out of 5
March 12, 2021

From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.

Again Kumar Nath

Most Popular

দ্বিতীয়বাৰৰ বাবে বিদেশলৈ ৰপ্তানি ৰাজ্যৰ ৰঙা বাও চাউল

মাজুলীৰ বিশুদ্ধ প্ৰাকৃতিক পৰিৱেশত বিশেষকৈ কোনোধৰণৰ ৰাসায়নিক সাৰ, কীটনাশক বা বননাশক ব্যৱহাৰ নকৰাকৈ কৰা বাওধান আজিৰ দিনত মাজুলীৰ...

আশ্চৰ্য ! বৰণ সলোৱা পহু কাজিৰঙাত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্য প্ৰাণীৰ জন্মগত পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে৷ ৰাষ্ট্ৰীয় উদ্যানখনত বৰণ সলাই এটাৰ পৰা ৪টা লৈ...

সাৱধান : বিষাক্ত মাছেৰে ভৰিছে ৰাজ্যৰ বজাৰ

বজাৰত উপলব্ধ হোৱা চালানী মাছ খোৱাৰ পূৰ্বে সাৱধান হওক৷ কাৰণ বিষাক্ত মাছে ভৰিছে এতিয়া ৰাজ্যৰ লগতে গুৱাহাটী...

সাৱধান : গাখীৰৰ পৰা প্ৰস্তুত কৰা মিঠাইত অত্যধিক পৰিমাণৰ ষ্টাৰ্ছ

ভেজাল গাখীৰ আৰু দুগ্ধজাত খাদ্য সামগ্ৰীবোৰ অধিক মূল্য ভৰি কিনি আনি খোৱাৰ ফলত মানুহৰ স্বাস্থ্যৰ ক্ষতি হয় আৰু...

Recent Comments