Home Health Naturally পুষ্টিগুণেৰে ভৰপূৰ গাজৰৰ চালাড নিয়মীয়াকৈ খাওক

পুষ্টিগুণেৰে ভৰপূৰ গাজৰৰ চালাড নিয়মীয়াকৈ খাওক

শীতকালৰ পাচলি হিচাপে গাজৰ উৎকৃষ্ট৷ পুষ্টিগুণেৰে সমৃদ্ধ গাজৰ কেঁচা চালাড কৰি বা ৰান্ধি দুইধৰণেই খোৱা হয়৷ বিভিন্ন প্ৰয়োজনীয় উপাদানেৰে সমৃদ্ধ গাজৰ খালে আমাৰ কি উপকাৰ হয় জানো আহক৷

গাজৰ কেঞ্চাৰ প্ৰতিৰোধী পাচলি৷ নিয়মিতভাৱে গাজৰ খালে কেঞ্চাৰ হোৱা সম্ভাৱনা কমাই ৰাখে৷ গৱেষণাৰ জৰিয়তে পোৱা মতে নিয়মিতভাৱে গাজৰ খালে হাঁওফাঁও, স্তন, কোলন কেঞ্চাৰ হোৱাৰ সম্ভাৱনা নাথাকে৷
গাজৰত উচ্চ পৰিমাণৰ বিটা কেৰ’টিন পোৱা যায়৷ এই বিটা কেৰ’টিনে লিভাৰৰ ভিটামিন-এলৈ ৰূপান্তৰিত হয়, যিয়ে চকুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে৷ ইয়াৰ ফলত দৃষ্টিশক্তি বঢ়োৱাত সহায় কৰে৷
গাজৰত প্ৰচুৰ পৰিমাণে ডায়েটৰি ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে হাৰ্ট সুস্থ ৰখাত সহায় কৰে৷ এই উপাদানবোৰে হাৰ্টৰ ধমনীৰ ওপৰত কোনো আৱৰণ জমা হ’বলৈ নিদিয়ে৷ সেইবাবে তেজৰ চলাচল স্বাভাৱিক ৰখাত সহায় কৰে৷
গাজৰৰ ৰসে দাঁত মজবুত কৰাত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ ইয়াৰ ভিটামিন-চি পোৱা যায় বাবে দাঁতৰ গুৰি সুস্থ ৰাখে, লগতে দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা সমস্যাৰ বাবে গাজৰ যথেষ্ট উপকাৰী৷
গাজৰ থকা বিটা কেৰ’টিনে মস্তিষ্কৰ ক্ষয় ৰোধ কৰে৷ সেয়ে মস্তিষ্কৰ শক্তি বৃদ্ধি কৰিবলৈ গাজৰ নিয়মীয়াকৈ খোৱা দৰকাৰ৷ গাজৰ খোৱাৰ ফলত স্মৃতিশক্তি বৃদ্ধি পায়৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,