উত্তৰ-পূৰ্বাঞ্চলত স্থাপন হ’ব তিনিটা নতুন বটলিং প্লাণ্ট

0
766

উত্তৰ-পূৰ্বাঞ্চলত এল পি জি বটলিং কেপাচিটি বৃদ্ধি কৰিবলৈ ৰাজহুৱা খণ্ডৰ বৃহৎ প্ৰতিষ্ঠান ভাৰতীয় তেল নিগম চমুকৈ আই অ’ চি-এ অঞ্চলটোত তিনিটা নতুন প্ৰকল্প স্থাপন কৰিবলৈ পৰিকল্পনা কৰিছে৷ অঞ্চলটোত এল পি জিৰ বৰ্ধিত চাহিদা পূৰণ কৰিবৰ বাবে ২০৩০ চনৰ ভিতৰত এল পি জি বটলিং কেপাচিটি প্ৰায় ৫৩ শতাংশ বৃদ্ধি কৰি বছৰি ৮ কোটি চিলিণ্ডাৰ কৰিবলৈ আই অ’ চিয়ে পৰিকল্পনা কৰিছে৷ আই অ’ চিৰ কাৰ্যবাহী সঞ্চালক (ইণ্ডিয়ান অইল-এ অ’ ডি) জি ৰমেশে কয় যে নতুন এল পি জি বটলিং প্লাণ্ট তিনিটা স্থাপন কৰা হ’ব মিজোৰাম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত৷ ৰাজহুৱা-ব্যক্তিগত-অংশীদাৰীত্বৰ আৰ্হিত ইয়াৰ বাবে মুঠ ৩২৫-৩৩০ কোটি টকা বিনিয়োগ কৰা হ’ব৷ তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলত এল পি জিৰ বৰ্ধিত চাহিদা পূৰণ কৰিবৰ বাবে আমি আমাৰ বটলিং কেপাচিটিৰ সম্প্ৰসাৰণ ঘটাব৷ ২০৩০ চনৰ ভিতৰত বটলিং কেপাচিটি বছৰি আঠ কোটি চিলিণ্ডাৰ কৰিবলৈ আমি লক্ষ্য লৈছোঁ৷ আনুমানিক চাহিদা ৭ কোটি চিলিণ্ডাৰ হ’ব যদিও লক্ষ্য লোৱা হৈছে  ৮ কোটি চিলিণ্ডাৰ৷ উল্লেখ্য যে ইণ্ডিয়ান অইল-এ অ’ ডি হ’ল আই অ’ চিৰ উত্তৰ-পূব সংমণ্ডল৷ বৰ্তমান এই সংমণ্ডলৰ বাৰ্ষিক উৎপাদন ক্ষমতা ৫.২৩ কোটি এল পি জি চিলিণ্ডাৰ৷ ৯টা প্ৰকল্পত চিলিণ্ডাৰবোৰত এল পি জি ভৰোৱা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here