Home Daily news আবিৰৰ ৰঙে সম্প্ৰীতিৰ এনাজৰীডাল নিকপকপীয়া কৰক

আবিৰৰ ৰঙে সম্প্ৰীতিৰ এনাজৰীডাল নিকপকপীয়া কৰক

সাধাৰণতে ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত হোলী উৎসৱ পালন কৰা হয়৷ প্ৰবাদ মতে, পূৰ্ণিমা ৰাতিৰ ভৰুণ জোনাকৰ মায়াময় আকাশ, বসন্ত কালৰ আগমন, পখীৰ কলকলনিত মুখৰ প্ৰকৃতিৰ চৌদিশ– এই ক্ষণতে মানৱৰূপী ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ প্ৰেমাস্পদ ভক্তিত গদগদ গোপীসকলৰ সৈতে যমুনাৰ পাৰত বৃন্দাবনত নানা ৰঙেৰে খেলা কৰি আনন্দ প্ৰকাশ কৰি ফল্গূৎসৱৰ অৱতাৰণা কৰিছিল আৰু তেতিয়াৰে পৰা যুগ যুগ ধৰি সমাজত হোলী উৎসৱ পালিত হৈ আহিছে বুলি ধাৰণা কৰা হয়৷ আনহাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দৌল উৎসৱক মান্যতা প্ৰদান কৰিছিল৷
ভিন্নৰঙী ফাকুৱাৰ ৰঙেৰে ৰঙীন আৰু কৃষ্ণ ভক্তিৰসেৰে জীপাল এক বৰ্ণিল বাৰ্তা লৈ আকৌ আহিছে ৰঙৰ উৎসৱ ফাকুৱা৷ ইতিমধ্যে ফাকুৱাৰ ৰঙেৰে ভৰিছে মহানগৰৰ বজাৰ৷ মহানগৰৰ বিভিন্ন ঠাইত এতিয়া একাংশ ব্যৱসায়ীয়ে বিভিন্ন ৰঙৰ ফাকু বিক্ৰী কৰা পৰিলক্ষিত হৈছে৷ ৰঙৰ লগতে ৰং সিঁচা সামগ্ৰী, মাস্ক আদিও ব্যৱসায়ীসকলে বিক্ৰী কৰিছে৷ মন কৰিবলগীয়া কথা যে বজাৰত উপলব্ধ ৰাসায়নিকযুক্ত কেমিকেল মিহলি ৰং বা ফাকুৱাৰে ফাকুৱা খোৱাৰ পৰা বিৰত থাকক৷ এইধৰণৰ কেমিকেলযুক্ত ৰঙে ছালখনৰ যথেষ্ট অনিষ্ট সাধন কৰিব পাৰে৷ সেয়েহে প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা ৰঙেৰে ফাকুৱা খেলি হোলীৰ আনন্দ লাভ কৰক৷
ইফালে ফাকুৱা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰতোদেখিবলৈ পোৱা গৈছে পাৰভঙা উছাহ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্‌যাপিত হ’ব ফাকুৱা উৎসৱ৷ আবিৰৰ ৰঙেৰে ৰঙীন হৈছে চাৰিওদিশ৷ হোলী গীতৰ মূৰ্ছনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ চৌদিশ৷ উল্লেখ্য যে সকলোৱে আশা কৰে সমাজৰ সকলো অন্ধকাৰ নাশ কৰি আবিৰৰ ৰঙেৰে সমাজলৈ সম্প্ৰীতিৰ এনাজৰীৰ লগতে ভাতৃত্ববোধ কঢ়িয়াই আনিব৷ আবিৰৰ ৰং আৰু হোলীগীতৰ মধুৰ গুঞ্জনত আকাশ-বতাহ মুখৰিত হোৱাৰ লগতে দৌলোৎসৱ উপলক্ষে ৰঙে-ৰূপে ভৰপূৰ হওক সকলোৰে জীৱন– News Health Plus-ৰ তৰফৰ পৰা তাকেই কামনা কৰিলোঁ৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...