Home Daily news আফ্ৰিকাৰ অন্তিমটো হিমবাহ কিমান চনৰ ভিতৰত বিলুপ্ত হ’ব ?

আফ্ৰিকাৰ অন্তিমটো হিমবাহ কিমান চনৰ ভিতৰত বিলুপ্ত হ’ব ?

সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তন আৰু প্ৰদূষণৰ ফলত অভূতপূৰ্ব পৰিৱৰ্তন সাধন হ’বলৈ ধৰিছে৷ প্ৰাকৃতিক দুৰ্যোগকে ধৰি বিভিন্ন মাৰাত্মক ৰোগ-ব্যাধি, মাৰিমৰক, হিংসা-দ্বেষ, অশান্তি আদি কাৰকে গা কৰি উঠিছে৷ মুঠতে এটা অসন্তুলন পৰিৱেশৰ সূচনা হৈছে এই পৃথিৱীত৷ ইয়াৰ মাজতে ৰাষ্ট্ৰসংঘই চলোৱা এক অধ্যয়নৰ প্ৰতিবেদনত প্ৰকাশ হৈছে যে আফ্ৰিকাৰ অন্তিমটো হিমবাহ ২০৫০ চনৰ ভিতৰত বিলুপ্ত হৈ পৰিব৷ ২০৫০ চনৰ ভিতৰত পৃথিৱীৰ গোলকীয় উষ্ণতা বৃদ্ধি তথা জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্বৰ হিমবাহসমূহ অস্তিত্বলৈ শংকা নামি আহিব৷ ইউনেস্ক’ৰ এক প্ৰতিবেদনত শেহতীয়াকৈ এক আশংকা কৰা হৈছে যে আফ্ৰিকাৰ মাউণ্ট কিলিমাঞ্জোৰোৰ অন্তিমটো গ্লেচিয়াৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বিলুপ্তি হোৱাৰ উপৰি আল্পচ আৰু আমেৰিকাৰ য়োচেট নেশ্যনেল পাৰ্কৰ হিমবাহ, অৰ্থাৎ গ্লেচিয়াৰবোৰ এই সময়ছোৱাৰ ভিতৰত ধবংস হ’ব৷ উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ বিশ্বৰ ঐতিহ্য স্থানৰ হিমবাহসমূহ তৃতীয় স্থানত আছে৷ উল্লেখ কৰাৰ প্ৰয়োজন যে জলবায়ু পৰিৱৰ্তনৰ বিষয়টোৰ সঠিক মোকাবিলা কৰিবলৈ বিশ্ব সম্প্ৰদায়ে এতিয়াও বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ নকৰাৰ ফলতে হিমবাহবোৰলৈ অস্তিত্বলৈ বিপৰ্যয় নামি আহিছে৷ অদূৰ ভৱিষ্যতে বিশ্বই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে হয়তো হিমবাহৰ কোনো অস্তিত্ব বিচাৰি পোৱা নাযায়৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...