আপোনাৰ শিশুটিৰ কৃমি হৈছে নেকি?

0
744
শিশুৰ পেটত কৃমিৰ বাস এটা সাধাৰণ সমস্যা৷ এই সমস্যা সকলো শিশুৰ মাজতে দেখা যায়৷ ইয়াৰ ফলত শিশুৰ এনিমিয়া হোৱাৰ লগতে দৈহিক আৰু মানসিক বিকাশতো ইয়াৰ প্ৰভাৱ পৰে৷ কৃমিয়ে শৰীৰৰ ভিতৰৰ প্ৰয়োজনীয় পোষকতত্ত্বসমূহ খাই পেলায়, যাৰ প্ৰভাৱ শিশুৰ বিকাশত পৰে৷ সেয়েহে সময় থাকোঁতেই ইয়াৰ নিৰাময় কৰা উচিত৷
Capital Chemist - How to treat human intestinal worms

(১) নহৰুৱে শৰীৰত বাস কৰা বেক্টেৰিয়া, পৰজীৱী প্ৰাণী ধবংস কৰাত আগভাগ লয়৷ নহৰুৰ নিয়মিত সেৱনে পেট চাফা কৰি ৰখাৰ লগতে কৃমিৰ ফলত হ’ব পৰা অক্সিডেশ্যনৰ সমস্যা কম কৰে৷


(২) ৰাতিপুৱা খালী পেটত নিমৰ পাত কেইটামান আপোনাৰ শিশুটিক চোবাবলৈ দিয়ক৷ নিমপাতত থকা এণ্টিবেক্টেৰিয়েল উপাদানে পাচন প্ৰক্ৰিয়া সুস্থ কৰি ৰখাৰ লগতে পেটত জমা হোৱা বেক্টেৰিয়া চাফা কৰে৷

(৩) ৰঙালাওৰ গুটিৰ সেৱনে পেটৰ ভিতৰৰ পৰজীৱী নষ্ট কৰিব পাৰে৷


(8) লঙে কৃমিৰ কণী নষ্ট কৰাত সহায় কৰে৷ ইয়াত থকা ইউজেনল নামৰ উপাদানে মেলেৰিয়া, টিবি, কলেৰা আদিৰ বেক্টেৰিয়া ধবংস কৰাত সহায় কৰে৷


(৫) চিৰতা পানী, আনাৰসৰ কোমল পাতৰ ৰস এচামুচকৈ মাজে-সময়ে খালে এই ৰোগৰ পৰা হাত সাৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here