কভিডক লৈ নাগৰিক কিমান সচেতন?

0
730


ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰতো কভিড-১৯ৰ আতংক আৰু সংক্ৰমণ অব্যাহত আছে৷ বিশেষকৈ গুৱাহাটী মহানগৰত দৈনিক বৃদ্ধি পাইছে কভিডত আক্ৰান্ত লোকৰ সংখ্যা৷ কভিডৰ সংক্ৰমণ ৰোধৰ বাবে ইতিমধ্যে চৰকাৰে সন্ধিয়া 8 বজাৰ পৰা ব্যাৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিছে৷ কিন্তু তাৰ পাছতো একাংশ লোকৰ মাজত কভিডক লৈ নাই কোনো সজাগতা৷ একাংশই কভিড প্ৰট’কল ভংগ কৰি নিজলৈ বিপদ চপাই অনাৰ লগতে অন্য লোকৰ জীৱনলৈও একপ্ৰকাৰ ভাবুকি মাতি আনিছে৷ গুৱাহাটী মহানগৰৰ একাংশ বজাৰত এতিয়া দিনৰ ভাগত দেখিবলৈ পোৱা কিছুমান দৃশ্যই সচেতন লোকসকলক অধিক চিন্তিত কৰি তুলিছে৷ কাৰণ মহানগৰৰ অধিকাংশ বজাৰতেই এই সময়ছোৱাতো একাংশ লোকৰ মাজত দেখা যায় সচেতনতাৰ অভাৱ৷ একাংশ লোকৰ মুখত কোনোধৰণৰ মাস্ক নথকাৰ লগতে একাংশই আকৌ সামাজিক দূৰত্ব ভৰিৰে মোহাৰি বজাৰত ব্যাপক ভিৰ কৰাহে দেখিবলৈ পোৱা যায়৷ গতিকে এনে একাংশ লোকৰ এনে অসচেতনতাৰ বাবেই যে পুনৰ কভিডৰ সংক্ৰমণ আৰু অধিক ভয়াৱহ হৈ পৰিব পাৰে, সেইটো একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে৷ উল্লেখ্য যে বিগত বৰ্ষতো কভিডৰ আতংকৰ সময়ত এনে একাংশ লোকৰ অসচেতনতা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবেই কভিডৰ দ্ৰুত সংক্ৰমণ বৃদ্ধি পাইছিল৷ বিশেষকৈ মহানগৰৰ বজাৰ বা ব্যাৱসায়িক কেন্দ্ৰত প্ৰতিদিনে এনে পৰিৱেশ বা সামাজিক দূৰত্ব মানি নচলিলে যে পুনৰ আমি কেতিয়াও নিবিচৰা এক পৰিৱেশৰ সৃষ্টি হ’ব, সেইটো নিশ্চিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here