Home Daily news আপুনি জানেনে?প্ৰাপ্তবয়স্ক লোকতকৈ শিশুৰ হাড় বেছি

আপুনি জানেনে?প্ৰাপ্তবয়স্ক লোকতকৈ শিশুৰ হাড় বেছি

আমি সকলোৱে জানো মানৱ শৰীৰৰ ২০৬ ডাল হাড়েৰে গঠিত৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে এটি শিশুৰ জন্মতে ৩০০ ৰপৰা ৩০৬ ডাল হাড় থাকে৷ কাৰণ জন্মতে শিশু এটিৰ শৰীৰৰ সৰু সৰু উপাস্থিৰে গঠিত হয়৷ শিশুটিৰ ডাঙৰ হোৱাৰ লগে লগে ইয়াৰে কিছুমান উপাস্থি যুক্ত হৈ এডাল হাড় হয়৷ বেছিভাগ জোৰা নলগা হাড় শিশু এটিৰ মূৰ অংশত থাকে৷ মহিলাৰ পেল্‌ভিক অংশটো বহু ঠেক হয়, যাৰ বাবে শিশু এটিয়ে ভূমিস্থ হ’বলৈ নিজকে সেই অংশত খাপ খুৱাই ল’বলগীয়া হয়৷ সেই কাৰণে শিশুটিৰ মূৰৰ জোৰা নলগা হাড়কেইডালে শিশুটিক ফ্লেক্সিব্‌ল কৰি সেই সৰু অংশৰে জন্ম লোৱাত সহায় কৰে৷ বয়স বৃদ্ধিৰ লগে লগে সেই হাড়কেইডাল জোৰা লাগি যায়৷ মানুহৰ লগতে চিম্পাঞ্জী, গৰিলা, ওৰাং, ওটাং আদি জন্মৰো জন্মতে মূৰৰ হাড়কেইডাল জোৰা লাগি নাথাকে৷ কিন্তু জন্মৰ তিনি মাহ পাছতে সম্পূৰ্ণকৈ জোৰা লাগি যায়৷ শিশুৰ  মূৰৰ লগতে আঁঠু অংশও জন্মতে উপাস্থি যুক্ত হয়৷

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...