Home Daily news আন্তঃৰাষ্ট্ৰীয় কিডনী দিৱস( World Kidney Day )

আন্তঃৰাষ্ট্ৰীয় কিডনী দিৱস( World Kidney Day )

প্ৰতিবছৰে মাৰ্চ মাহৰ দ্বিতীয় বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় কিডনী দিৱস পালন কৰা হয়। সেই হিচাপে এই বছৰ অৰ্থাৎ ২০২২ চনৰ আজি ১০ মাৰ্চ তাৰিখ বৃহস্পতিবাৰে বিশ্বজুৰি ৯০ খনতকৈও অধিক দেশত এই দিৱসৰ আয়োজন কৰা হৈছে। International Society of Nephrology(ISN)ৰ উদ্যোগত আৰু International Federation of Kidney Foundation (IFKF)ৰ সহযোগত ২০০৬ চনৰ পৰাই এই দিনটো আন্তঃৰাষ্ট্ৰীয় কিডনী দিৱসৰূপে পালন কৰি অহা হৈছে। এই বছৰৰ এই দিৱসৰ থিম হৈছে – Kidney Health for All অৰ্থাৎ সকলোৰে বাবে বৃক্কৰ স্বাস্থ্য। মূলতঃ কিডনীৰ বিভিন্ন ৰোগ আৰু যতন সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। আজিৰ তাৰিখত আমেৰিকাত অংগ বিকল (Organ Failure) হোৱা ৰোগীৰ সংখ্যা ১,০৭,০০০ । ইয়াৰ ভিতৰত অকল কিডনী বা বৃক্ক বিকল ৰোগীৰ সংখ্যাই হৈছে ৯০,০০০ । ভাৰতত আজিৰ তাৰিখত প্ৰায় ২ লাখ ৰোগীৰ দুয়োটা কিডনী বিকল।

সেউজ বিপ্লৱোত্তৰ কালছোৱাত কৃষিকৰ্মত উৎপাদন বৃদ্ধিৰ অৰ্থে অত্যধিক পৰিমাণে কীটনাশক দৰৱ আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হৈছে। সাম্প্ৰতিক সময়ত আধুনিক জীৱনশৈলীজনিত ৰোগ বা Life Style Disorder যেনে – ডায়েবেটিছ, উচ্চৰক্তচাপ আদিৰ প্ৰাদুৰ্ভাৱ ভয়াবহ হাৰত বৃদ্ধি পাইছে। এই সকলোবোৰে বৃক্ক বিকল হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি কৰিছে। লগতে কিডনীৰ পাথৰ, ইউৰেটাৰৰ পাথৰ, মুত্ৰথলীত থকা পাথৰ, প্ৰ’ষ্টেট গ্ৰন্থিৰ আকাৰ বাঢ়ি প্ৰস্ৰাৱৰ সোঁ‌ত কমি যোৱা বা প্ৰস্ৰাৱ বন্ধ হৈ যোৱা আদি কাৰণতো কিডনীৰ কাম কৰা ক্ষমতা কমি যাব পাৰে আৰু কিডনী দুৰ্বল হ’ব পাৰে। অনাগত দিনত আমাৰ দেশত খাদ্যাভ্যাস আৰু জীৱনশৈলীজনিত ৰোগৰ বাবে বৃক্ক বিকল ৰোগীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাৱ বুলি চিকিৎসা-বিশেষজ্ঞসকলে মত পোষণ কৰিছে।

গতিকে আজিৰ এই কিডনী দিৱসৰ দিনটোৰ এক গভীৰ তাৎপৰ্য আছে। সকলোৱে এই তাৎপৰ্য উপলব্ধি কৰি কিডনীৰ স্বাস্থ্য সম্পৰ্কে সজাগ হওঁ আহক। বছৰত অন্ততঃ এবাৰকৈ হ’লেও কিডনীৰ নিয়মীয়া পৰীক্ষা কৰাওক। ই অতি সহজ। সাধাৰণ তেজ পৰীক্ষাৰ দ্বাৰাই কিডনীৰ স্বাস্থ্য সম্পৰ্কে জানিব পৰা যায়। মনত ৰখাৰ সুবিধাৰ্থে প্ৰতিবছৰে আজিৰ এই: আন্তঃৰাষ্ট্ৰীয় কিডনী দিৱসৰ দিনটোতেই কে এফ টি নামৰ তেজ পৰীক্ষা কৰি কিডনীৰ স্বাস্থ্য সম্পৰ্কে জানিব পৰা যায়।

লেখক : ডাঃ নিতুল বৈশ্য

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,