১৪ বছৰৰ পাছত খাৰুৱা তেলৰ সৰ্বাধিক দাম

0
432

আমেৰিকা আৰু ইউৰোপিয়ান দেশে ৰাছিয়াৰ তেল আমদানিত নিষেধাজ্ঞা আৰোপ কৰাৰ বিষয়ে আলোচনা কৰা তথা ইৰানৰ সৈতে আলোচনাত পলম হোৱা বাবে যোগানৰ ভয়ৰ মাজতে যোৱা সাত মাৰ্চত তেলৰ দাম ১৩০ আমেৰিকান ডলাৰৰ অধিক হ’ল৷ ই হৈছে ২০০৮ চনৰ পৰা সৰ্বাধিক৷ আমেৰিকা আৰু ইউৰোপিয়ান মিত্ৰ দেশে ৰাছিয়াৰ পৰা তেল আমদানিত নিষেধাজ্ঞাৰ কথা বিবেচনা কৰি আছে বুলি বাতৰি ওলোৱা তথা ইৰানৰ খাৰুৱা তেল বিশ্বৰ বজাৰলৈ অহাত পলম হোৱাৰ বাবে সাত মাৰ্চত খাৰুৱা তেলৰ দাম যোৱা সপ্তাহতকৈ ২০ শতাংশ বৃদ্ধি পাইছে৷ মেহতা ইকুইটিজৰ কম’ডিটিজ বিভাগৰ উপাধ্যক্ষ ৰাহুল কালান্ত্ৰিয়ে কয় যে ২০২০ চনৰ পাছত খাৰুৱা তেলৰ সাপ্তাহিক দাম সৰ্বাধিক বৃদ্ধি পাইছে৷ ব্ৰেণ্টৰ খাৰুৱা তেলত ২১ শতাংশ আৰু ডিব্লউ টি আইৰ খাৰুৱা তেলত ২০  শতাংশ বৃদ্ধি পাইছে৷ ৰাছিয়াই দৈনিক ৪০ লাখৰ পৰা ৫০ লাখ বেৰেল তেল ৰপ্তানি কৰে৷ ৰাছিয়া হৈছে ছৌডি আৰবৰ পাছত বিশ্বৰ দ্বিতীয় সবৰ্বৃহৎ খাৰুৱা তেল ৰপ্তানিকাৰী দেশ৷ ব্ৰেণ্টৰ খাৰুৱা তেলৰ দাম  সাত মাৰ্চৰ আগবেলা প্ৰতি বেৰেলত ১৩০ আমেৰিকান ডলাৰ হ’লগৈ৷ ই ২০১২ চনৰ শীৰ্ষ মাৰ্ক বেৰেলত ১২৮ আমেৰিকান ডলাৰক চেৰ পেলালে৷ ব্ৰেণ্টৰ খাৰুৱা তেলৰ দাম ২০০৮ চনত ইতিহাসৰ ভিতৰত সৰ্বোচ্চ হৈছিল, প্ৰতি বেৰেলত ১৪৩ আমেৰিকান ডলাৰ৷ ইফালে ডলাৰ অনুসৰি টকাৰ মূল্য  সাত মাৰ্চত  সৰ্বকালৰ ভিতৰত নিম্ন হয়৷  সাত মাৰ্চত প্ৰথম ভাগত প্ৰতি ডলাৰত টকাৰ মূল্য ৭৬.৯৬ হোৱাৰ পাছত ৭৭.০১-ও হয়গৈ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here