Home Diet Plus আদা দিয়া গাখীৰ খালে কিদৰে উপকাৰ সাধে ?

আদা দিয়া গাখীৰ খালে কিদৰে উপকাৰ সাধে ?

আদা দিয়া চাহ আপুনি নি(য় খাই পাইছে৷ মূৰৰ বিষত, জ্বৰ, কাহ, চৰ্দি আদিত আদা দিয়া চাহকাপে যথেষ্ট আৰাম দিয়ে৷ পিছে আপুনি কেতিয়াবা আদা দিয়া গাখীৰ খাই পাইছেনে? খোৱা নাই যদি আজিৰ পৰাই খোৱাৰ অভ্যাস কৰক৷ কাৰণ ইয়াৰ আছে বহুতো ঔষধি গুণ৷
শীতৰ বতৰত মানুহৰ ইমিউনিটি যথেষ্ট দুৰ্বল হৈ থাকে৷ যাৰ বাবে বেমাৰে অতি সহজে আপোনাক আক্ৰমণ কৰিব পাৰে৷ লগতে কাহ, কফ, চৰ্দি আদি ভাইৰেল ইনফেকশ্যনসমূহো ইমিউনিটি দুৰ্বল হোৱাৰ ফলতে হয়৷ সেয়েহে এনে সময়ত আপুনি যদি নিতৌ আদা দিয়া গাখীৰ গ্ৰহণ কৰে, ই আপোনাৰ শীতত হ’ব পৰা বিভিন্ন ধৰণৰ ভাইৰেলজনিত ৰোগৰ আশংকা কমাব পাৰে৷
আদাত এণ্টিঅক্সিডেণ্ট আৰু এণ্টিইনফ্লেমেটৰি গুণ থকা হেতু গলৰ বিষ, গলৰ খিচখিচনি আদি নাইকিয়া কৰে৷ 
অকল এয়াই নহয়, আদা দিয়া গাখীৰে পেটৰ বিভিন্ন সমস্যা
 নিৰাময় কৰিব পাৰে৷ যিসকল লোকৰ গেছ, এচিডিটি, কোষ্ঠকাঠিন্য আদিৰ সমস্যা আছে, তেওঁলোকে আদা দিয়া গাখীৰ খালে কাৰ্যকৰী ফল লাভ কৰিব পাৰে৷
আদাই পাচন প্ৰক্ৰিয়া সুস্থ কৰি ৰখাত সহায় কৰে৷ লগতে গাখীৰত প্ৰ’টিন আৰু কেলচিয়াম পোৱা যায়, যিয়ে হাড়, মাংসপেশী মজবুত কৰি শীতত হ’ব পৰা গাঁঠিৰ বিষ, হাড়ৰ বিষ আদিৰ পৰা সকাহ দিয়াব পাৰে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...